আজি নিশা ১১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷
মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ৷
বিয়লিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব হিমন্ত বিশ্ব শৰ্মা৷
দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিশেষ বৈঠকো কৰিব মুখ্যমন্ত্ৰীয়ে৷
ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনৰ শেষকৃত্য কৰা সন্দৰ্ভত চলিব আলোচনা৷
নিশা ১১ বজাত দিল্লীত উপস্থিত হোৱাৰ এঘণ্টাৰ ভিতৰতেই বিশেষ বিমানেৰে অসমলৈ লৈ অনা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ৷
নিশাৰ ভাগত আহি পালে পৰিয়ালক কিছু সময় দিয়া হ’ব জুবিনৰ বাবে৷
অৰ্থাৎ জুবিনৰ বাসগৃহলৈ পোনপটীয়াকৈ লৈ যোৱা হ’ব জুবিনৰ দেহ৷
জুবিনক ঘৰত ৰখাৰ সময়ত অন্য অনুৰাগীয়ে প্ৰৱেশ কৰিব নোৱাৰিব জুবিনৰ বাসগৃহত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















