অৱতৰণৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ড, হাহাকাৰ
হঠাতে দিল্লী বিমানবন্দৰত অঘটন। অৱতৰণৰ পাছতে এয়াৰ ইণ্ডিয়াৰ এখন বিমানত অগ্নিকাণ্ডৰ ঘটনা। হংকঙৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখন আজি মঙলবাৰে বিয়লি দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কেইমুহুৰ্তমান পাছতে জুই লাগে।
লগে লগে হুৱাদুৱা লাগি যায় সকলোফালে। সৌভাগ্যক্ৰমে এই ঘটনা তেতিয়া সংঘটিত হয়, যেতিয়া বিমানখনৰ পৰা যাত্ৰী সকল নামিবলৈ ধৰে। ততাতৈয়াকৈ সুকলমে বিমানখনৰ পৰা বাহিৰ ওলাই আহিবলৈ সক্ষম হয় সকলো যাত্ৰী লগতে সকলো ক্ৰু-মেম্বাৰ। বিমানখনৰ নম্বৰ এ-আই ৩১৫.
এই ঘটনাৰ ফলত বিমানখনৰ সামান্য ক্ষতি হয় যদিও সম্পূৰ্ণ সুকলমে যাত্ৰী আৰু ক্ৰু-মেম্বাৰ। ঘটনাৰ কাৰণৰ বাবে বৰ্তমানে তদন্ত আৰম্ভ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















