ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এয়াৰ ইণ্ডিয়া-ইণ্ডিগোৰ ডাঙৰ সিদ্ধান্ত, প্ৰভাৱ পৰিব যাত্ৰীৰ ওপৰত
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োটা বিমান প্ৰতিষ্ঠানে মঙলবাৰৰ বাবে কিছুমান চহৰলৈ বিমান সেৱা বাতিল কৰিছে।
ইণ্ডিগোৱে কয় যে যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি চণ্ডীগড়, ৰাজকোটকে ধৰি একাংশ চহৰলৈ বিমান সেৱা বাতিল কৰা হৈছে। এয়াৰ ইণ্ডিয়াইও ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিমান বাতিল সন্দৰ্ভত এক আপডেট দিছে।
ইণ্ডিগ’ই সামাজিক মাধ্যম এক্সত বিমান বাতিলৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “আপোনাৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ। ১৩ মে’ৰ বাবে জম্মু, অমৃতসৰ, চণ্ডীগড়, লেহ, শ্ৰীনগৰ আৰু ৰাজকোটৰ পৰা বিমান সেৱা বাতিল কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ ভ্ৰমণ পৰিকল্পনাত প্ৰভাৱ পৰিব। আমাৰ দলটোৱে পৰিস্থিতিটো অতি গুৰুত্বসহকাৰে চাই আছে। অতি সোনকালে আপোনালোক নতুন আপডেট দিয়া হব।
এয়াৰ ইণ্ডিয়াই ৰাজস্থান, জম্মু-কাশ্মীৰ, গুজৰাটৰ লগতে আন কিছুমান ৰাজ্যলৈ বিমান সেৱা বাতিল কৰিছে। এক্সত লিখিছে যে শেহতীয়া পৰিঘটনা আৰু যাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ অহা-যোৱা কৰা বিমান সেৱা অহা ১৩ মে’ মঙলবাৰৰ বাবে বাতিল কৰা হৈছে।
অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তানে আগ্ৰাসী হৈ ভাৰতৰ বহু চহৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো আক্ৰমণ বিফল কৰে। শেহতীয়াকৈ পাকিস্তানে যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে যদিও ইয়াৰ পিছতো ইয়াৰ কাৰ্যকলাপ বন্ধ হোৱা নাই।
ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বিমান সেৱা বাতিল কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















