ঐশ্বৰ্য ৰায় বচ্চন৷ বাৰে বাৰে খবৰৰ শিৰোনামত স্থান লাভ কৰি আহিছে তেওঁৰ ৰূপৰ বাবেই৷ লগতে অভিনয় আৰু ব্যক্তিগত জীৱনৰ নানান সমীকৰণো আছে৷ সেই ঐশ্বৰ্য ৰায় বচ্চনক কেন্দ্ৰ কৰিয়েই সপোন দেখে ক’তজন পুৰুষে৷ শত শত মানুহৰ মনত ঐশ্বৰ্যই আজিও তোলে আলোড়ন৷ সৌন্দৰ্যৰ আন এক নামেই যেন ঐশ্বৰ্য ৰায় বচ্চন৷
এটা সময় আছিল যি সময়ত ঐশ্বৰ্যক কেন্দ্ৰ কৰিয়েই বহু প্ৰজেক্ট তৈয়াৰ হৈছিল৷ হিটো হৈছিল এখনৰ পাছত আনখন ছবি৷ কেতিয়াবা যদি পাৰো, কেতিয়াবা যোধা৷ পৰ্দাত প্ৰত্যেকবাৰেই ন ন ৰূপেৰে ধৰা দিছিল ঐশ্বৰ্যই৷ কোনখন চিনেমাৰ বাবে ঐশ্বৰ্যই প্ৰায় ২০০ কিঃগ্ৰাঃ সোণ পৰিধান কৰিবলগা হৈছিল?
যোধা আকবৰ ছবিৰ চেটত এই সোন পৰিধান কৰিছিল ঐশ্বৰ্যই৷ য’ত হৃত্বিক ৰোছনৰ সৈতে তেওঁৰ বিয়াৰ দৃশ্য আয়োজন হৈছিল তেতিয়াই এই সোণ পৰিধান কৰিছিল৷ বিগত ২বছৰ ধৰি তৈয়াৰ হৈছিল ঐশ্বৰ্য ৰায় বচ্চন আৰু হৃতিক ৰোছনৰ গহণা৷ এক দুই কেজি নহয়৷ বৰং মুঠ ২০০ কিঃগ্ৰাঃ সোনেৰে সজাই তোলা হৈছিল ঐশ্বৰ্যক৷ চিনেমাত যিসমূহ গহণা তেওঁ পৰিধান কৰিছিল সকলোবোৰেই প্ৰকৃত সোণ৷ সোণ আৰু মুকুতাৰে এই অলংকাৰ তৈয়াৰ কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















