বলীউডত বিয়পিছে সুখৰ বতৰা। কাপুৰ পৰিয়ালত সুখৰ বতৰা। ইনষ্টাগ্ৰামত মাতৃ হোৱাৰ খবৰ সকলোকে জনোৱাৰ পিছত আলিয়াই ৰণবীৰৰ সৈতে উঠা এটা মৰমলগা ছবি প’ষ্ট কৰে ইনষ্টাগ্ৰামৰ ডিপিত।
ফ’টোখন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল নীতু কাপুৰে। ৰণবীৰ সৈতে তাইৰ ‘প্ৰিয় ফ’টো’ বুলি অভিহিত কৰিছে আলিয়াই। অনুৰাগীসকলৰ মাজত এই ফ’টোখন বাৰুকৈয়ে চৰ্চা লাভ কৰিছে।
এইখন ফ’টোখন সেই মুহূৰ্তৰ ছবি যেতিয়া ৰণবীৰে আলিয়াক প্ৰস্তাৱ দিছিল। আলিয়া গৰ্ভৱতী হোৱা কথা বিয়পি পৰাৰ পিছত তেওঁৰ অনুৰাগীসকল অতিকৈ সুখী হোৱাৰ লগতে শুভেচ্ছাৰে বৰষুণ ঢালিছে আলিয়াৰ ইনষ্টাগ্ৰাম প’ষ্টত।
লগতে পঢ়ক ১ জুলাইৰ পৰা দেশত সলনি হ’ব বহু নিয়ম! কি কি নিয়ম সলনি হ’ব? কি প্ৰভাৱ পৰিব?
গৰ্ভৱতী হোৱাৰ খবৰটো বিয়পি পৰাৰ পিছতে ইণ্টাৰনেটত ট্ৰেফিক জাম কৰা আলিয়াই কেইঘণ্টামান পিছতে সলনি কৰে ইনষ্টাগ্ৰামৰ ডিপিও।
ৰণবীৰৰ সৈতে তেওঁৰ ‘প্ৰিয় ফ’টো’খন ইনষ্টাগ্ৰামত প’ষ্ট কৰাৰ লগে লগে অনুৰাগীৰ মাজত অধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৰণবীৰ-আলিয়াই।
কাৰণ এই ছবিখনৰ আঁৰত আছে ৰণবীৰে আলিয়াক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ মধুৰ ক্ষণ। নীতু কাপুৰেও ছ’চিয়েল মিডিয়াত পুত্ৰ-বোৱাৰীক শুভেচ্ছা জনাইছে। লগতে নীতু কাপুৰেও তাইৰ ইনষ্টাগ্ৰামত আলিয়া আৰু ৰণবীৰৰ এখন ফটো শ্বেয়াৰ কৰিছে য’ত দম্পতীহালৰ এক ৰোমান্টিক মুহূৰ্ত বন্দী হোৱা দেখিবলৈ পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















