শাহুৰ সৈতে প্ৰেম কৰি পলায়ন কৰা জোঁৱাই অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত
প্ৰেম কি, কেনেকৈ হয়! বিবাহ ঠিক হৈছিল যুৱতীৰ সৈতে, কিন্তু প্ৰেম হৈ যায় শাহুৰ সৈতে। পাছলৈ প্ৰেমক পূৰ্ণতা দিবলৈ ঘৰৰ পৰা পলায়ন শাহু-জোঁৱাইৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত অৱশেষত নেপাল সীমান্তৰ পৰা আৰক্ষীয়ে আটক কৰে প্ৰেমিকযুগলক।
এই ঘটনা উত্তৰ প্ৰদেশৰ আলীগড়ৰ। যি ঘটনাই প্ৰথম দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰি আহিছে। সকলো ফালে কেৱল শাহু-জোঁৱাইৰ প্ৰেমৰ কথা। শহুৰৰ অভিযোগৰ পাছতে আৰক্ষীয়ে বহু বিচাৰ খোচাৰ অন্তত নেপাল সীমান্তৰ পৰা ধৰা পেলায়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ঘৰ খনৰ কন্যা শিৱানীৰ সৈতে আজি ১৬ এপ্ৰিল তাৰিখেই ৰাহুলৰ বিবাহ ঠিক হৈছিল। কিন্তু শাহু অনিতা দেৱীৰ সৈতে কথা বতৰা হওতে ৰাহুলৰ প্ৰেম হৈ যায় শাহুৰ সৈতে। যাৰ ফলত ৬ এপ্ৰিল তাৰিখে ৰাহুলে শাহুক লৈ পলায়ন কৰে।
পলায়নৰ সময়ত অনিতা দেৱীয়ে কন্যা শিৱানীৰ বিবাহৰ বাবে যোগাৰ কৰি থোৱা ৫ লাখ টকাৰ গহনা আৰু নগদ ৩ লাখ ৫০ হাজাৰ টকা লৈ যায়। পলাই পলাই প্ৰথমে বিহাৰ, তাৰ পাছত দিল্লী তেনেদৰে অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ