সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ
ভাৰতীয় টেলিভিচন জগতৰ অতিকে জনপ্ৰিয় যুটি দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিয়ে বৰ্তমানে ছ’চিয়েল মিডিয়া গৰম কৰি ৰাখিছে। বিবেক আৰু দিব্যাংকাৰ বিবাহ বিচ্ছেদ হ’ব বুলি বহু উৰাবাতৰি উৰিছে।
২০১৬ চনত বিবেক আৰু দিব্যাংকাৰ বিবাহ হৈছিল আৰু তেতিয়াৰ পৰাই এই দম্পতী অনুৰাগীৰ প্ৰিয়, বৰ্তমানেও বহু লোকে পছন্দ কৰে জনপ্ৰিয় তাৰকাযুটিক। এনে পৰিস্থিতিত এই দম্পতীৰ বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছত অনুৰাগীসকলৰ মনত বহু প্ৰশ্ন।
অৱশ্যে এই উৰাবাতৰিৰ ওপৰত অৱশেষত বিবেক দহিয়াই মৌনতা ভংগ কৰিছে। বিবেকে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত কৈছে এই খবৰ কিমান সঁচা।
বিবেক দহিয়া আৰু দিব্যাংকা ত্ৰিপাঠীৰ বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছতে ছচিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি প্লাৱিত হ’বলৈ ধৰিছিল। এই উৰাবাতৰি শুনি অনুৰাগীসকলো বিভ্ৰান্ত হৈ পৰিছিল। কিন্তু এতিয়া বিবেকৰ সাক্ষাৎকাৰে এই উৰাবাতৰিৰ অন্ত পেলাইছে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিবেকে কয় যে, “আমি বহুত মজা কৰি আছো। দিব্যাংকা আৰু মই এই খবৰ শুনি হাঁহি আছো। আইচক্ৰীম খাই খাই এই খবৰ মজা লৈ আছো, লগতে যদি এই খবৰ আৰু দীঘলীয়া হয় তেন্তে আমি পপকৰ্ণৰো অৰ্ডাৰ দিম”।
বিবেকে আৰু কয়, “মই ইউটিউব ভিলগিঙো কৰো আৰু মই জানো এই ক্লিকবেট কি। এই সকলোবোৰ মই ভালদৰে বুজি পাওঁ। যদি আপুনি কিবা এটা চাঞ্চল্যকৰ পোষ্ট কৰে তেন্তে মানুহে আহি চাব। কিন্তু ইয়াত একো নাথাকে। এনে অবাস্তৱ কথাৰ প্ৰচাৰ কৰা উচিত নহয়।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ