বুদ্ধাদিত্য যোগৰ বাবে সপোন বাস্তৱায়িত হ’ব ৫ ৰাশিৰ, গ্ৰহৰ ৰাজকুমাৰৰ মেষ ৰাশিত প্ৰৱেশ
জ্যোতিষত বুধক গ্ৰহৰ ৰাজকুমাৰ আৰু সূৰ্য্যক গ্ৰহৰ ৰজা বুলি কোৱা হয়। অহা ৭ মে’ বুধবাৰে পুৱা ৪:১৩ বজাত বুধ গ্ৰহ মেষ ৰাশিত প্ৰৱেশ কৰিব। বুধ গ্ৰহ মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ইয়াত ইতিমধ্যে উপস্থিত থকা সূৰ্য্যৰ সৈতে সংযোগ হ’ব।
সূৰ্য্য আৰু বুধৰ সংযোগে বুদ্ধাদিত্য যোগৰ সৃষ্টি কৰিব। এই সংমিশ্ৰণৰ বাবে বহু ৰাশিৰ লোকে বাম্পাৰ বেনিফিট পাব। কাৰণ এই দুয়োটা গ্ৰহ যেতিয়া মেষ ৰাশিৰ দৰে উজ্জ্বল, অগ্নিময় ৰাশিত থাকে তেতিয়া বুদ্ধদিত্য যোগ দুগুণ ফলপ্ৰসূ হয়। এই যোগে বুদ্ধিমত্তা, নেতৃত্বৰ ক্ষমতা, আত্মবিশ্বাস, আৰু যোগাযোগৰ দক্ষতাক চোকা কৰে।
কৰ্কট ৰাশি
আপোনাৰ ৰাশিফলৰ দশম স্থানত এই যোগ গঢ় লৈ উঠিছে যিটো সমাজত কেৰিয়াৰ আৰু প্ৰতিপত্তিৰ সৈতে জড়িত। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ পেছাদাৰী জীৱনত নতুন পৰিচয়, পদোন্নতি বা কিবা ডাঙৰ দায়িত্ব লাভ কৰিব পাৰিব। আপোনাৰ বছ বা চিনিয়ৰৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব আৰু আপোনাৰ স্থান শক্তিশালী হ’ব। নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব আৰু মানুহে আপোনাৰ ধাৰণা অনুসৰণ কৰিব।
সিংহ ৰাশি
আপোনাৰ ৰাশিফলত এই যোগ নৱম স্থানত গঢ় লৈ উঠিছে। এই ঘৰটোৱে ভাগ্য, উচ্চ শিক্ষা, আৰু বিদেশ ভ্ৰমণক প্ৰতিনিধিত্ব কৰে। এই সংমিশ্ৰণৰ বাবেই ভাগ্য আপোনাৰ পক্ষত থাকিব। এই সময়ছোৱাত আপুনি ভাগ্য লাভ কৰিব। এই সময়খিনি ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাৰ লগত জড়িত লোকসকলৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হ’ব। ধৰ্মীয় ভ্ৰমণ বা আধ্যাত্মিক গুৰুৰ পৰা পথ প্ৰদৰ্শনৰ সম্ভাৱনাও থাকিব।
তুলা ৰাশি
এই যোগ তুলা ৰাশিৰ লোকৰ ৰাশিফলৰ সপ্তম স্থানত গঢ় লৈ উঠিছে। এই ঘৰটো পত্নী, অংশীদাৰিত্ব আৰু ৰাজহুৱা লেনদেনৰ। বৈবাহিক জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু পাৰস্পৰিক যোগাযোগৰ উন্নতি হ’ব। ব্যৱসায়িক অংশীদাৰিত্ব লাভজনক হ’ব আৰু নতুন চুক্তি গঠন হ’ব পাৰে। পৰামৰ্শ, আইন বা সংবাদ মাধ্যমৰ দৰে ক্ষেত্ৰত থকা লোকসকলে এই সময়ছোৱাত বিশেষ সুবিধা লাভ কৰিব।
ধনু ৰাশি
আপোনাৰ ৰাশিফলৰ পঞ্চম স্থানত গঢ় লৈ উঠিছে বুঢ়াদিত্য যোগ। এই ঘৰটো শিক্ষা, সন্তান, প্ৰেম আৰু সৃষ্টিশীলতাৰ সৈতে জড়িত। এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে জ্ঞান আৰু চোকা চিন্তাৰ সময় হ’ব। প্ৰেমৰ সম্পৰ্কত কথা-বতৰাৰ জৰিয়তে ভুল বুজাবুজিৰ সমাধান হ’ব। নতুন সৃষ্টিশীল পৰিকল্পনা বা ষ্টাৰ্টআপৰ বাবেও এইটোৱেই উপযুক্ত সময়।
মীন ৰাশি
মীন ৰাশিৰ লোকৰ দ্বিতীয় ঘৰত এই যোগ গঢ় লৈ উঠিছে। এই ঘৰটো ধন-সম্পত্তি, বাক্য আৰু পাৰিবাৰিক জীৱনৰ লগত জড়িত। ইয়াৰ ফলত আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব আৰু সঞ্চয় বৃদ্ধি পাব। আপোনাৰ কথা কোৱাৰ দক্ষতাত মানুহ আপ্লুত হ’ব আৰু ইয়াৰ দ্বাৰা আপুনিও উপকৃত হ’ব। ঘৰত সমন্বয় বাঢ়িব আৰু বক্তৃতাত মধুৰতা থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ