গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ
আজি ৬ আগষ্ট মঙলবাৰে গুৱাহাটী মহানগৰীত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
কামৰূপ মহানগৰৰ জিলা আয়ুক্তই সদৰী কৰা অনুসৰি মহানগৰীৰ কৃত্ৰিম বানপানী আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে।
কালি সোমবাৰে বিয়লি হোৱা এজাক বৰষুণৰ পিছতেই মহাসাগৰত পৰিণত মহানগৰৰ।
যাৰ বাবে মহানগৰীৰ জীৱনযাত্ৰা স্তব্ধ হৈ পৰে। কৃত্ৰিম বানপানীত ডুব যায় মহানগৰীৰ প্ৰায় প্ৰতিটো ৰাজপথ।
নিশা পৰ্যন্ত মহানগৰীৰ যান-বাহন ব্যৱস্থা অচল হৈ পৰে। প্ৰতিটো ৰাজপথতেই তীব্ৰ যান-জঁটৰ সৃষ্টি।
ৰাজপথত পানী, যাৰ বাবে ফ্লাই অভাৰত অভৱনীয় যান যট।
ৰাজপথত কেইবাফুট উচ্চতালৈ পানী উঠাৰ বাবে বহু পথত চলিব পৰা নাই বাছ আৰু ব্যক্তিগত বাহন।
আজি পুৱা পৰ্যন্ত ৰাজপথত দেখা যায় বিকল হৈ পৰা বাছ তথা অন্য বাহন।
যাৰ বাবে আজি মহানগৰৰ সকলো শিক্ষনুষ্ঠান বন্ধৰ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ