• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

9 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

10 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

12 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

12 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

12 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

13 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

14 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

14 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

15 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

16 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

ভয়তে নিচ্ছুপ হৈ আছিল এই চহৰ, শেষ হৈ গৈছিল একাধিক নাৰী, ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৯২ চনৰ কুখ্যাত অজমেৰ ধৰ্ষণ আৰু ধমকিৰ গোচৰৰ বাকী ৬ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে পকচো আদালতে৷ দোষীৰ প্ৰত্যেককে পাঁচ লাখ টকা জৰিমনাও বিহা হৈছে৷ ৬আছামীৰ পৰা সংগৃহীত ৩০লাখ টকা নিৰ্যাতিতাসকলৰ মাজত সমানে ভগাই দিয়াৰো নিৰ্দেশ দিছে পকছো আদালতৰ বিচাৰক ৰঞ্জন সিংহই৷

ৰায়ৰ অনুলিপি পোৱাৰ ৩০ দিনৰ ভিতৰত জিলা আইনী সহায়তা কৰ্তৃপক্ষক ক্ষতিপূৰণ হিচাপে নিৰ্যাতিতাসকলৰ প্ৰত্যেকৰ বেংক একাউণ্টত ৭লাখ টকা জমা দিয়াৰ নিৰ্দেশো দিছে পকছো আদালতে৷ যিসকলৰ বেংক একাউণ্ট নাই তেওঁলোকক বেংক একাউণ্ট খুলি সেই ক্ষতিপূৰণৰ অৰ্থ জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷

বিচাৰক সিংহ ৰায়ে ঘোষণাৰ সময়ত কয়, ‘ক্ষতিপূৰণত ধৰ্ষিতাসকলৰ যন্ত্ৰণা শেষ হয়তো নহ’ব, কিন্তু তেওঁলোকৰ বিষ কিছু কমাব পৰা যাব৷’ মঙলবাৰে শাস্তি পোৱা ৮ ধৰ্ষণকাৰী ক্ৰমে নাফিছ চিস্তি ওৰফে টাৰজান, ইকবাৰ ভাটি, ছেলিম গনি চিস্তি, ছোহেল গণি চিস্তি আৰু ছাইদ জামিৰ হুছেইন৷ বিচাৰ চলি থকাৰ সময়ত ৬টা অভিযুক্তই ৰাজস্থানলৈ পলাই গৈছিল৷ আটাইকেইটাক পলাতক ঘোষণা কৰিছিল আৰক্ষী বিভাগে কিন্তু পাছত আটাইকেইটাই আত্মসমৰ্পণ কৰে৷

অজমেৰ ধৰ্ষণ আৰু ধমকি গোচৰৰ সূত্ৰপাত ১৯৯২ চনত৷ অৰ্থাৎ ৩২ বছৰ পূৰ্বে৷ ৰাজস্থানৰ অজমেৰ স্কুলছাত্ৰীসকলক ব্লেকমেইল কৰি দিনৰ পাছত দিন গণধৰ্ষণ চলাইছিল৷ মুখ বন্ধ কৰি অশালীন ছবি তুলি ব্লেকমেইল কৰা হৈছিল৷ ৩২ বছৰ পূৰ্বে ঘটা এই ঘটনাত নজৰ দিছিল সমগ্ৰ দেশে৷ ঘটনাত ১০০তকৈয়ো বেছি কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল৷

১৯৯২ চনত অজমেৰ চহৰত ধাৰাবাহিকভাৱে গণধৰ্ষণৰ ঘটনা ঘটিছিল৷ তাৰপাছতেই তদন্ত প্ৰক্ৰিয়া আগুৱাই যায়৷ ওলাবলৈ ধৰে এটাৰ পাছত আনটো তথ্য৷ প্ৰকৃততে কি ঘটিছিল সেই স্থানত৷

ফাৰুখ চিস্তি আৰু নাফিছ চিস্তি এই দুই যুৱকে সেই সময়ত অজমেৰৰ ত্ৰাসৰ কাৰণ হৈ উঠিছিল৷ চহৰৰ কুখ্যাত মস্তান আছিল দুয়ো৷ প্ৰভাৱ-প্ৰতিপত্তি কম নাছিল৷ ইয়াৰোপৰি দুয়ো যুক্ত আছিল ৰাজনীতিৰ সৈতেও৷ যুৱ কংগ্ৰেছৰ নেতা আছিল ফাৰুখ আৰু নাফিছ৷ এলেকাত দুয়োৰে এটা গেং আছিল৷ অজমেৰত ধাৰাবাহিকভাৱে গণধৰ্ষণৰ ঘটনা চলাত ফাৰুখ আৰু নাফিচেই আছিল মূল অভিযুক্ত৷ ১৯৯২ চনৰ ২১ এপ্ৰিল৷ স্থানীয় সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাত সেই বাতৰি দেখি শিহৰিত হৈছিল সকলো৷

এলেকাৰ গুণ্ডাসকলৰ হাতত নিৰ্যাতিত হৈছিল স্কুলীয়া ছাত্ৰীসকল৷ এই খবৰ প্ৰকাশ হৈছিল বিশেষ সংবাদপত্ৰত৷ খবৰৰ ওপৰিও কিছু আপত্তিকৰ ছবিও প্ৰকাশ কৰা হৈছিল৷ এই সকলো দেখি হৈ চৈ লাগে সমগ্ৰ চহৰত৷ সংবাদপত্ৰত এই খবৰ দেখি আচৰিত হৈ পৰে আৰক্ষী প্ৰশাসনৰ লোক৷ আৰম্ভ হয় তদন্ত৷ তদন্তত প্ৰকাশ পাই যে অজমেৰৰ কিশোৰীয়ে পঢ়া স্কুলৰ ছাত্ৰসকলৰ সৈতে পোনতে বন্ধুত্ব গঢ়ে ফাৰুখে৷ তাৰপাছতেই প্ৰলোভন দি তেওঁলোকক নিৰ্জনত লগ কৰিবলৈ মাতি ধৰ্ষণ কৰে৷ ধৰ্ষণৰ সময়ত ছবিও তুলি ৰখা হয় ব্লেকমেইল কৰাৰ উদ্দেশ্যে৷ তাৰপাছতেই আপত্তিকৰ ছবি দেখুৱাই ব্লেকমেইল কৰি আকৌ ধৰ্ষণ কৰা হয় নিৰ্যাতিতা ছাত্ৰীক৷

নিৰ্যাতিতাক কোৱা হয় যাতে তেওঁৰ বান্ধৱীসকলকো ফাৰুখ আৰু নাফিছৰ কাষলৈ পঠিয়াই৷ আৰু নপঠিয়ালে নিৰ্যাতিতাৰ আপত্তিকৰ ছবি ভাইৰেল কৰাৰ ধমকি দিয়া হয়৷ এনেকৈয়ে বিভিন্ন স্কুলৰ একাধিক ছাত্ৰীক গণধৰ্ষণ কৰিছিল ফাৰুখ আৰু নাফিছে৷ লগত আছিল দুয়োৰে একাধিক বন্ধু৷ সেই সময়ত বিশেষ এলেকাত ফাৰুখ আৰু নাফিছৰ যথেষ্ট প্ৰভাৱ আছিল৷

ৰাজনৈতিক প্ৰতাপ প্ৰতিপত্তিৰ ভৰত সেই এলেকাত ৰাজত্ব চলাইছিল দুয়োৱে৷ ফাৰুখ আৰু নাফিছৰ নেতৃত্বাধীন গেঙৰ বহুতেই অজমেৰ শ্বৰিফ দৰগাৰ খাদিম পৰিয়ালৰ সদস্য আছিল৷ অভিযোগ অনুসৰি সেয়ে নিৰ্যাতিতা আৰু তেওঁলোকৰ পৰিয়ালে সকলো জানিও কোনো ধৰণে বিষয়টোক লৈ আৰক্ষীৰ কাষ চপা নাছিল৷ ধৰ্ষণৰ বলি হোৱা বেছিভাগেই আছিল নিম্ন মধ্যবিত্তৰ ঘৰৰ সন্তান৷

এই ঘটনাৰ পাছত বহু নিৰ্যাতিতাৰ পৰিয়ালে অজমেৰ এৰে৷ কোনোৱে প্ৰকাশ্যে সৰৱ নহয় এই ঘটনাক লৈ৷ বহু দিন পৰ্যন্ত মুকলি আকাশৰ তলতেই থাকে ধৰ্ষণকাৰী৷ সংবাদপত্ৰৰ প্ৰতিবেদনৰ পাছতহে অপৰাধৰ ঘটনা চৰ্চালৈ আহে৷ তদন্তত নামি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইটাক৷ তেতিয়াও কিন্তু নিৰ্যাতিতাসকলে মুখ খোলা নাছিল৷ বাতৰি প্ৰচাৰ হোৱাৰ পাছত অপৰাধীয়ে নিৰ্যাতিতাৰ ছবি চহৰত ভাইৰেল কৰাত লাগে৷ ছবি ভাইৰেল হোৱাৰ পাছত কেইবাগৰাকীয়েও আত্মহত্যা কৰে৷

এই ঘটনাৰ মুঠ ৬খন চাৰ্জশ্বিট জমা দিছিল আৰক্ষীয়ে৷ তাত নাম আছিল ১৮ অভিযুক্তৰ৷ ১৪৫জনতকৈ বেছি সাক্ষীৰ নাম আছিল৷ মাত্ৰ ১৭গৰাকী নিৰ্যাতিতাৰহে কথা ৰেকৰ্ড কৰিব পাৰিছিল আৰক্ষীয়ে৷ ১৯৯৮ চনৰ অজমেৰৰ এখন আদালতে আঁঠ জন অভিযুক্তক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা কৰে৷ কিন্তু ৰাজস্থান আদালতে তাৰ মাজতে ৪ অপৰাধীক মুক্ত কৰি দিয়ে৷ ২০০৩ চনত অন্য চাৰিটা অপৰাধী ক্ৰমে মইজুল্লাহ, ইছৰাত আলি, আনোৱাৰ চিস্তি আৰু ছামছুদ্দিনৰ শাস্তিৰ ম্যাদ কমাই ১০ বছৰ কৰে৷ ২০০৭ চনত ফাৰুখক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু ২০১৩ ত ফাৰুখক মুক্তিৰ নিৰ্দেশ দিয়ে ৰাজস্থান হাইকৰ্টে৷

বৰ্তমান অজমেৰৰ বহাল তবিয়তত দিন কটাইছে এসময়ৰ ধৰ্ষণকাৰী ফাৰুখে৷ ফাৰুখ গ্ৰেপ্তাৰ হ’লেও পলাতক আছিল নাফিছ৷ ২০০৩ চনত দিল্লী আৰক্ষীৰ হাতত নাফিছ ধৰা পৰে৷ ধৰা পৰাৰ পাছত অৱশ্যে জামিনো পায়৷ মঙলবাৰে বাকী থকা ৫অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছে ৰাজস্থানৰ এখন পকছো আদালতে৷ তদন্তকাৰীৰ অনুমান, অজমেৰকাণ্ডত ১০০গৰাকীতকৈ বেছি কিশোৰী নিৰ্যাতনৰ বলি হৈছিল৷ তেওঁলোকৰ মাজৰ অধিকাংশই মুখ নুখুলিলে৷ এতিয়াও ৩২ বছৰ পূৰ্বে ঘটা এই ঘটনাৰ ক্ষত কেঁচা হৈয়েই আছে অজমেৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.