সোনৰ চহৰ! এনে এখন ঠাই কল্পনাৰ জগতত নহয় ভাৰততেই আছে৷ এই স্থানত চৌদিশে পোৱা যায় সোন৷ সোনৰেই খেতি৷ এই বিৰল ধাতু প্ৰায় ১০০ বছৰতকৈয়ো অধিক কাল ধৰি উৎপাদিত হৈ আহিছে আমাৰ দেশতেই৷ কোলাৰ গল্ড ফিল্ড বা চমুকৈ কেজিএফ৷ বক্স অফিচত খুবেই হীট ছবি কেজিএফতো এই এলেকাৰ কথাকেই তুলি ধৰা হৈছে৷ কেজিএফ ছবিখন মুকলি হোৱাৰ পাছতহে কৰ্ণাটকৰ এই এলেকাটোক লৈ আগ্ৰহ বাঢ়িছে জনতাৰ৷ ২০০১ চনৰ পাছত প্ৰায় ২১ বছৰ ধৰি কোনোৱে মনত ৰখা নাছিল কৰ্ণাটকৰ এই অঞ্চলক৷ সেই বিশেষ অঞ্চলটোক আকৌ প্ৰাণ দিয়াৰ বাবে আগবাঢ়িছে কৰ্ণাটক চৰকাৰ৷ কেজিএফৰ সেই সোনৰ খনি আকৌ নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷
বিগত সপ্তাহত কেজিএফ খনি নতুনকৈ খোলাৰ বাবে কৰ্ণাটক চৰকাৰে দিয়া প্ৰস্তাৱক কেন্দ্ৰই অনুমোদন দিছে৷ ইয়াৰোপৰি কেজিএফৰ হাজাৰ হাজাৰ একৰ জুৰি থকা ১৩ টা খনি আৰু বৰ্জ্যৰ পাহাৰ নিলামত তোলাৰো প্ৰস্তাৱ ৰাখিছে কৰ্ণাটক চৰকাৰে৷ কেজিএফৰ ১৩ খন বৰ্জ্য পাহাৰত প্ৰায় ৩.৩০কোটি টন নিষ্কাশিত বৰ্জ্য পৰি আছে বুলি অনুমান কৰিছে কৰ্ণাটক চৰকাৰে৷ বিশেষজ্ঞসকলৰ অনুমান যে প্ৰতি ১০০০ কিঃগ্ৰাঃ বৰ্জ্যৰ প্ৰক্ৰিয়াকৰণত প্ৰায় এক গ্ৰামকৈ সোন পোৱা যাব৷ বিগত সপ্তাহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ সভাপতিত্বত মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰৰ তৰফৰ পৰা কেজিএফ খনি নতুনকৈ আৰম্ভ কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনাও হৈছে৷ ইয়াৰ পাছতেই বিশেষ প্ৰস্তাৱত ছিলমোহৰ মাৰিছে চৰকাৰে৷
উল্লেখ্য যে কেজিএফৰ খনিসমূহ ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ৰ অন্তৰ্ভূক্ত৷ ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ এক চৰকাৰী সংস্থা৷ যিয়ে ১৯৭২ চনত কেজিএফতেই জন্ম লাভ কৰিছিল৷ কেজিএফৰ খনিৰ কাৰ্যক্ৰম বন্ধ হৈ যোৱাৰ পাছৰে পৰাই গুৰুত্ব হেৰুৱাই এই সংস্থাইয়ো৷ সোনৰ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ বাবে ২০১৫ চনত কেন্দ্ৰৰ তৰফৰ পৰা ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ক পুৰণি সোনৰ খনিসমূহ আকৌ ন’কৈ আৰম্ভ কৰাৰ বাবে আহ্বান জনাই৷
এই আহ্বানৰ পাছতেই কেজিএফ আৰম্ভ কৰিবলৈ যো জা চলাইছে কেন্দ্ৰই৷ কৰ্নাটকৰ আইন আৰু সংসদীয় বিষয়ক মন্ত্ৰী এইছ পাটিলে এই সন্দৰ্ভত কয়, ‘কেজিএফ খনি নতুনকৈ আৰম্ভ হ’লে বিপুল সংখ্যক মানুহে চাকৰি লাভ কৰিব৷’ এসময়ত সোনৰ বিচ্ছুৰণে পোহৰাই ৰখা কেজিএফ চহৰ বৰ্তমান এখন মৃত উপত্যকা৷ চাৰিওফালে অন্ধকাৰ৷ কান্নাড়া চিনেমা কেজিএফেও বহুবাৰ এই এলেকাখনক নৰক বুলি কৈছে৷ অথচ এই কেজিএফেই এদিন ভাৰত চৰকাৰৰ গৰ্বৰ চহৰ আছিল৷ সোনৰ চহৰ কেজিএফ বুলি বিদেশত পৰিচয় দিছিল৷ কেজিএফক দেখুৱাইয়ে বিশ্ব বেংকৰ পৰা ঋণো লৈছিল ভাৰতে৷
সেই উজলি থকা চহৰখনৰ কেনেকৈ পতন হ’ল সেই সন্দৰ্ভতো বহুতেই জানিবলৈ আগ্ৰহী হৈ থাকে৷ কৰ্ণাটকৰ কোলাৰ গল্ড ওৰফে কেজিএফ এসময়ত আছিল কোলাৰ নামৰ এখন গাওঁ৷ মাটিৰ তলত বাদেই এই গাওঁৰ ধূলিতো সোণৰ গুৰি আছিল এসময়ত৷ এই বিশ্বাসৰ পৰাই এসময়ত বহুতৰে চকু পৰিল কোলাৰ গাওঁত৷ এটাৰ পাছত এটা শক্তিশালী গোষ্ঠীয়ে এই কোলাৰ গাওঁত ৰাজত্ব চলাইছিল৷ এটা এটা শাসনকাল ৮০০ বছৰৰ পৰা হাজাৰ বছৰ ধৰি চলিছিল বুলিও কৰ্ণাটকৰ একাংশই দাবী কৰে৷ শাসকৰ নীতিৰ জোৰত এই শাসনৰ অন্ত পৰিল৷ সেই সোণৰ ৰাজ্যৰ কামকাজ আৰম্ভ হৈছিল পোনতে ১৮৭৫ চনত৷
মাইকেল ফিৎজগেৰাল্ড লাভেল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিটিছ সৈনিকে প্ৰথম কোলাৰৰ মাটিৰ তলত থকা সোন তোলাৰ বাবে কাম আৰম্ভ কৰিছিল৷ কোলাৰত সোনৰ ইতিহাস হৈ বিভিন্ন তথ্য সমৃদ্ধ প্ৰমাণ সমৃদ্ধ এখন গ্ৰন্থও লিখিছে ব্ৰিটেইনৰ ইতিহাসবিদে৷ সেই গ্ৰন্থ লাভেলে পঢ়িছিল৷ কোলাৰৰ পুৰণি ইতিহাস চাই তেওঁ ঠিক কৰে যে কোলাৰৰ মাটিৰ তলত সোন আছেনে নাই সেই পৰীক্ষা কৰিব৷ ভৱামতেই পৰীক্ষা চলিত৷ আৰু সেই পৰীক্ষাত তেঁও সফলো হ’ল৷ কিন্তু খনিৰ পৰা সোন ওলিওৱাৰ বাবে প্ৰচুৰ পৰিমানে অৰ্থৰ প্ৰয়োজন হৈছিল৷ মাইকেলৰল সেই সামৰ্থ নাছিল৷ তিনি জন টেলৰ এণ্ড ছনচ নামৰ ব্ৰিটেইনৰ এটা সংস্থাৰ কোলাৰৰ এই খনি বিক্ৰি কৰি দিয়ে মাইকেলে৷ ১৮৮০ চনত সেই ব্ৰিটিছ সংস্থাৰ হাতত ধৰিয়েই আৰম্ভ হয় কেজিএফৰ কাম৷ মূল চহৰৰ পৰা ১০০ কিঃমিঃ দূৰৈৰ কোলাৰ গাওঁ হৈ উঠে চমকি থকা সোনৰ চহৰ৷ পৰিচয় কেজিএফ৷
কেজিএফ চহৰ হৈ নুঠিলেও নামী দামী মানুহ কোলাৰলৈ যাত্ৰা কৰিব ধৰিছে৷ কিন্তু অত্যাধুনিক কোনো সুবিধা গঢ়ি নুঠিল কোলাৰত৷ ব্ৰিটিছ কৰ্মচাৰীসকলে সেই কোলাৰক মিনি ইংলেণ্ড নাম দিলে৷ কোলাৰ আছিল দেশৰ প্রথম চহৰ য’ত প্ৰথম বিদ্যুৎ সংযোগ কৰা হৈছিল৷ সেয়াই নহয়, কোলাৰলৈ জাপানৰ টকিঅ’ৰ পাছত কোলাকেই এছিয়াৰ দ্বিতীয় চহৰ যত বিদ্যুৎৰ সুবিধা সেই সময়তেই গঢ়ি উঠিছিল৷ খনিৰ কামৰ বাবে কাবেৰী নদীৰ ঝৰ্ণাত জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিছিল ব্ৰিটিছ চৰকাৰে৷ ইয়াৰোপৰি খনিলৈ পানী সৰবৰাহৰ বাবে কোলাৰত এটা হ্ৰদো খান্দিছিল ব্ৰিটিছ কোম্পানীটোৱে৷ মুঠতে কি নাছিল কোলাৰত৷ গলফ খেলা ফিল্ড, হাস্পতাল, ইংৰাজী মাধ্যমৰ স্কুল, কলেজ, কনভেন্ট স্কুল, ক্লাব, মনোৰঞ্জনৰ নানান ব্যৱস্থা৷ তৈয়াৰ কৰা হৈছিল ব্ৰিটিছৰ বাবে নতুন নতুন বাংলো৷ যাৰবাবে এই মিনি ইংলেণ্ডত প্ৰৱেশাধিকাৰ নাছিল খনিত কাম কৰা শ্ৰমিকৰ৷ শ্ৰমিকসকলৰ কোলাৰৰ সেই চহৰৰ পৰা আঁতৰাই ৰখা হৈছিল৷ সাজি দিয়া হৈছিল সৰু সৰু জুপুৰি একোটা৷ এই এলেকাৰ নাম দিয়া হৈছিল কুলি বস্তি৷ ঘৰবোৰৰ নাম আছিল ছান্টি? তাতেই কষ্টেৰে দিন কটাইছিল শ্ৰমিকে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সেই খনিত কাম কৰিবলৈ শ্ৰমিক অনা হৈছিল৷ কাৰণ দেশৰ ভিতৰত কোলাৰতেই আছিল প্ৰথমটো ডাঙৰ ইণ্ডাষ্ট্ৰী৷
১৯০২ চন পৰ্যন্ত মুঠ সোন উৎপাদনৰ ৯৫ শতাংশ কোলাৰৰ পৰাই হৈছিল৷ শেষবাৰ কেজিএফত সোন খন্দা হৈছিল ২০০১ চনত৷ ধীৰে ধীৰে সেই আধুনিক চহৰত বয়সৰ আঁচোৰ পৰিল৷ লাহে লাহে ম্লান পৰি গৈ থাকিল ঐতিহ্য৷ ১৮৭৫ চনত প্রথম খনন আৰম্ভ হৈছিল কেজিএফত৷ তাৰপাছত ১৯৫৬ চন পৰ্যন্ত সোন তুলিছিল ব্ৰিটিছ সংস্থাই৷ সেই সময়ত কেজিএফৰ সোন উৎপাদন ধীৰে ধীৰে কমিবলৈ ধৰে৷ প্ৰথমে মাটিৰ এক কিঃমিঃ তলতেই সোন পোৱা গৈছিল৷ পাছলৈ সেই গাঁত ক্ৰমে গভীৰ হৈ গৈ থাকে৷ প্ৰথমে দুই কিঃমিঃ তাৰপাছত তিনি কিঃমিঃ৷ এছিয়াৰ আৰু কোনো এলেকাতেই ইমান গভীৰ সোনৰ খনি পোৱা নাযায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ