আধুনিক যুগত মানুহে নিজৰ সৌন্দৰ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে৷ বিশেষকৈ যুৱতীসকল এই ক্ষেত্ৰত অধিক সচেতন হোৱা দেখা যায়। আজিকালি নিজৰ শৰীৰটো অধিক দেখনিয়াৰ তথা উন্নত কৰিবলৈ যুৱতীসকলে বহু ধৰণৰ অস্ত্ৰোপচাৰ কৰাও দেখা যায়।
ইয়াৰ ভিতৰত স্তন ইমপ্লাণ্ট অস্ত্ৰোপচাৰো অন্যতম৷ বিশ্বত মহিলাসকলৰ মাজত স্তন ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাসকলৰ মাজত ই ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে৷
এক সমীক্ষা অনুসৰি বিগত সময়ছোৱাত ১ হাজাৰ মহিলাৰ ভিতৰত ৮.০৮ গৰাকী মহিলাই স্তন ইমপ্লাণ্ট কৰিছে। বিশেষজ্ঞসকলৰ মতে, ইয়াৰে ৯৮ শতাংশ অস্ত্ৰোপচাৰ সফল হৈছে। ইয়াৰ ভিতৰত অতি নগণ্যসংখক স্তন ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰহে বিফল হোৱা দেখা গৈছে৷
লগতে পঢ়ক কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?
ইয়াৰ মাজতে এগৰাকী ৩৫ বছৰীয়া মহিলাৰো স্তন সংৰোপণৰ অস্ত্ৰোপচাৰো ব্যৰ্থ হয়৷ যাৰফলত মহিলাগৰাকীয়ে তেওঁৰ ইমপ্লাণ্টটো আঁতৰাই পেলাবলৈ বাধ্য হয়।
ইছিডাৰৰ প্ৰতিবেদন অনুসৰি ৩৫ বছৰীয়া ডাৰ্চি ডেভিছ-আলছপৰ নামৰ আমেৰিকান মহিলাগৰাকীৰ ক্ষেত্ৰত এই ঘটনা ঘটে। প্ৰকাশ পোৱা মতে দ্বিতীয়বাৰ মাতৃ হোৱাৰ পিছতে তেওঁৰ স্তনৰ আকাৰ স্বাভাৱিকতকৈ সৰু হৈ আহে।
এনে অৱস্থাত তেওঁ স্তন ইমপ্লাণ্ট কৰাৰ সিদ্ধান্ত লয়। মহিলাগৰাকীৰ স্তন ইমপ্লাণ্টৰ বাবে চিকিৎসকসকলে প্ৰায় ৩ টা অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলগীয়া হয়৷ প্ৰথমে চিকিৎসকে মহিলাগৰাকীৰ চেলাইন ইমপ্লাণ্ট কৰে। চিকিৎসকে এই চেলাইন ইমপ্লাণ্টত নিমখীয়া পানী ভৰাইছিল। সেয়া সফল নোহোৱাত ৯ বছৰৰ পাছত চিকিৎসকে পুনৰ অস্ত্ৰোপচাৰ কৰি চেলাইনৰ সলনি ২১০ চি চি চিলিকন সংৰোপণ কৰে।
ইয়াৰ ৩-৪ বছৰৰ পিছত মহিলাগৰাকীয়ে সিদ্ধান্ত লয় যে অস্ত্ৰোপচাৰ মাধ্যমেৰে সেই ছিলিকন ইমপ্লাণ্টটোও আঁতৰাই পেলোৱা হ’ব। এই তিনিওটা অস্ত্ৰোপচাৰৰ বাবে মহিলাগৰাকীৰ প্ৰায় ২৩ লাখ টকা (৩০ হাজাৰ ডলাৰ) খৰচ হৈছিল।
লগতে পঢ়ক ভুল চিকিৎসাৰ বলি! সন্তান জন্ম দিয়ে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ
ডাৰ্চি ডেভিছে কয় যে স্তন ইমপ্লাণ্ট কৰাৰ পাছতে তেওঁৰ গাঁঠিৰ বিষ, অধিক ভাগৰ লগা আৰু তীব্ৰ মূৰৰ বিষ আদি সমস্যা হ’বলৈ ধৰিলে। এই সমস্যাসমূহত ভোগাৰ পাছতে মহিলাগৰাকীয়ে ২০২০ চনত তেওঁ বহু চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰে।
ইয়াৰ মাজতে তেওঁৰ এজন বন্ধুৱে ক’লে যে ই ব্ৰেষ্ট ইমপ্লাণ্টৰ পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। কিন্তু মহিলাগৰাকীয়ে সেই কথাটো মানি ল’বলৈ টান পালে৷ কিন্তু যেতিয়া তেওঁৰ শাৰীৰিক সমস্যাবোৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া ডাৰ্চিয়ে পুনৰ চিকিৎসকৰ কাষ চাপে।
এইবাৰ বিশেষজ্ঞক দেখুৱাই চিকিৎসা আৰম্ভ কৰিলে। তাৰ পাছতে সিদ্ধান্ত লোৱা হ’ল যে এতিয়া তেওঁৰ স্তনৰ পৰা ছিলিকনটো আঁতৰাই দিব। চিকিৎসকে পুনৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ স্তনৰ পৰা সকলো ইমপ্লাণ্ট আঁতৰাই পেলালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ