বিয়াৰ বতৰ অহাৰ লগে লগে আজিকালি ছ’চিয়েল মিডিয়া বিবাহৰ ধেমেলীয়া আৰু আচৰিত ধৰণৰ ভিডিঅ’ৰে উপচি পৰে। এনে বহু ভিডিঅ’ ভাইৰেল হয় যিবোৰে আমাক আচৰিত কৰি তোলে আৰু কিছুমান ভিডিঅ’ দেখি মানুহে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
সম্প্ৰতি এনে এটা ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে৷ ভাইৰেল ভিডিঅ’টোৱে দৰ্শন কৰা সকলো নেটানাগৰিককে জোকাৰি গৈছে।
ভাইৰেল হোৱা ভিডিঅ’টো হৈছে এখন বিয়াৰ৷ ভিডিঅ’টোত দৰা আৰু কইনা দুয়ো মঞ্চত উপৱিষ্ট হৈ আছে৷ দেখা গৈছে যে দৰাই কইনাক কল খুৱাবলৈ চেষ্টা কৰিছে। কিন্তু, কইনাই কলটো খাবলৈ ইচ্ছা কৰা নাই৷ দৰাই নামানে, কইনাই খাবই লাগিব৷ কইনাক জোৰজবৰদস্তি কলটো খুৱাবলৈ চেষ্টা কৰে৷ এনেতে কইনাৰ ভীষণ খং উঠে আৰু দৰাক এটা প্ৰচণ্ড চৰ শোধায়৷
View this post on Instagram
লগতে পঢ়ক NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা
মঞ্চতে কইনাৰ চৰটো খাই দৰাৰ আত্মসন্মানত লাগিল৷ তেৱোঁ অকণো পলম নকৰি কইনাৰ গালত থাচ থাচকৈ কে’বাটাও চৰ শোধাই দিলে৷ ইয়াৰ পিছতে দুয়োৰে মাজত আৰম্ভ হয় আক্ৰমণ প্ৰত্যাক্ৰমণ৷
ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। patiale_wale_chacha_ji নামৰ এটা পেজৰ পৰা Instagram ত share কৰা হৈছে।
দুই লাখৰো অধিক লাইক আহিছে ভিডিঅ’টোত। ভিডিঅ’টোত মানুহেও বহুত ধেমেলীয়া মন্তব্য আগবঢ়াইছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বিয়াৰ আগতে বিবাহ বিচ্ছেদ। আন এজনে লিখিছে – এয়াই প্ৰকৃত প্ৰেম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ