অলিম্পিকত আৰু এটি সোণ জয় কৰিলে কেটি লেডেকিয়ে৷ আমেৰিকাৰ সাঁতোৰবিদে এটা দুটা নহয় ৯টাকৈ সোণৰ পদক লাভ কৰি গঢ়িছে ৰেকৰ্ড৷ পেৰিছ অলিম্পিকত মহিলা সাঁতোৰত ৮০০ মিটাৰ ফ্ৰিষ্টাইলত সোন জয় কৰি নজিৰ গঢ়িছে তেওঁ৷ বিশ্বৰ দ্বিতীয় সাঁতোৰবিদ হিচাপে তেওঁ লেথাৰিকৈ চাৰিটা অলিম্পিক ইভেণ্টত সোণ জয় কৰিছে৷
২০১২ চনত লণ্ডন অলিম্পিকত ১৫ বছৰ বয়সত প্রথম অলিম্পিকত সোণ জয় কৰিছিল লেডেকিয়ে৷ ১২ বছৰ পাছত পেৰিছতো অব্যাহত আছে তেওঁ স্বৰ্ণ অভিযান৷ অষ্ট্ৰেলিয়াৰ আৰিয়াৰ্ণ টিটমাছক পিছপেলাই অলিম্পিকত নৱমটো সোণৰ পদক জয় কৰিছে লেডেকিয়ে৷ অলিম্পিকৰ ইতিহাসত মহিলা প্ৰতিযোগীসকলৰ ভিতৰত সকলোতকৈ বেছি সোণ জয়ৰ ৰেকৰ্ড আছে জিমনাষ্ট লাৰিছা লাতিনিনাৰ৷ তেওঁ ১৯৫৬ চনৰ পৰা ১৯৬৮ চন পৰ্যন্ত মুঠ তিনিটা অলিম্পিকত তৎকালীন ছোভিয়েট ইউনিয়নৰ সৈতে প্ৰতিনিধিত্ব কৰিছিল৷ ৮০০ মিটাৰ ফ্ৰিষ্টাইলৰ সাফল্যৰে সেই ৰেকৰ্ড ভংগ পৰিছে লেডেকিয়ে৷
বিশ্ব ৰেকৰ্ড গঢ়ি উচ্ছ্বাসিত ২৭ বছৰীয়া লেডেকিয়ে কয়, ‘অলিম্পিকত ৩ আগষ্টত নৱমটো সোণৰ পদক লাভ কৰিলো৷ মই মোৰ ধাৰা একেদৰেই ৰাখিছো বুলি নিজেই বুজিব পাৰিছো৷’ কেৱল অলিম্পিকেই নহয় সাঁতোৰৰ বিশ্বচেম্পিয়ণশ্বিপতো ২১ টা সোণ জয় কৰিছে লেডেকিয়ে৷ এইবাৰ পেৰিছ অলিম্পিক ৰেকৰ্ড কৰি সোণ জয় কৰিছে লেডেকিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















