অসম লাইভ ২৪ঃ অৱশেষত ১৫ বছৰীয়া বৈবাহিক সম্পর্ক ছেদ কৰিবলৈ ওলাইছে বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান আৰু পত্নী কিৰণ ৰাৱে। ইতিমধ্যে আমিৰ খান আৰু কিৰণ ৰাৱে এখন জইণ্ট ষ্টেটমেণ্ট প্ৰকাশ কৰি এই কথা জানিবলৈ দিয়ে। এই জইণ্ট ষ্টেটমেণ্টত লিখিছে- ‘বিগত সুমধুৰ ১৫ বছৰ আমি একেলগে বহু সুখ, আনন্দ আৰু অনুভৱ ভাগ বাটোৱাৰা কৰিলো। আমাৰ সম্পর্কত কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমেৰে পৰিপূর্ণ আছিল। এতিয়া আমি জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো।’ উল্লেখযোগ্য যে ইয়াৰ পূর্বেও প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে আমিৰ খানৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ