অসম লাইভ ২৪ঃ দায়িত্ব গ্ৰহণ কৰাৰ ছমাহ নৌহওতে পদত্যাগ কৰিলে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটে। শুকুৰবাৰে নিশা পদত্যাগপত্ৰ প্ৰদান কৰিলে ৰাজ্যপালক। ৰাৱটে পদত্যাগ কৰাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক বিজেপি দলে দিছে পর্যবেক্ষকৰ দায়িত্ব। ইতিমধ্যে ডেৰাদুনত উপস্থিত হৈছে নৰেন্দ্ৰ সিং তোমৰ। উল্লেখযোগ্য যে অচিৰেই উত্তৰাখণ্ডৰ বিজেপি দলৰ বিধায়িনী দলে নির্বাচন কৰিব নতুন মুখ্যমন্ত্ৰী। আজি অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক। এই বৈঠকত উপস্থিত থাকিব পর্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ