অসম লাইভ ২৪ঃ ভাৰতীয়ৰ বাবে প্ৰেৰণাৰ আন এক উৎস অম্ৰপলি গন৷ পুনৰ প্ৰতিষ্ঠিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ CEOৰ পদত আন এগৰাকী ভাৰতীয়৷ মুম্বাইৰ ৩৬ বছৰীয়া অম্ৰপলি গনক চাবচক্ৰিপ্চন ভিত্তিক কনটেণ্ট চাৰ্ভিছ প্লেটফৰ্ম OnlyFansৰ CEO পদত নিযুক্তি৷ ২০১৬ চনত প্ৰতিষ্ঠিত OnlyFans এডাল্ট কণ্টেট উপলব্ধ এটি প্লেটফৰ্ম৷ কৰোনা মহামাৰীৰ সময়ত বিশেষভাৱে চৰ্চিত আৰু জনপ্ৰিয় হৈছিল OnlyFans৷ ২০২০ চনত প্ৰতিষ্ঠানটোত চীফ মাৰ্কেটিং আৰু কমিউনিকেচন অফিচাৰ হিচাপে যোগদান কৰা কৰা অম্ৰপলি গনক ছেপ্টেম্বৰ মাহত প্ৰতিষ্ঠানটোৰ CEO হিচাপে নিযুক্তি দিয়ে প্ৰতিষ্ঠাপক টিম ষ্ট্ৰ’কলীয়ে৷ OnlyFansৰ প্ৰতিষ্ঠাপক মুৰব্বী টিম ষ্ট্ৰ’কলীয়ে CEO পদত নিযুক্তি দিয়ে অম্ৰপলি গনক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ