জুবিন গাৰ্গৰ মৃত্যুত অমৃতপ্ৰভাক কিয় হত্যাকাৰী সজোৱা হৈছে বুলি দাবী কৰিছে দীগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীৰ৷ ভাস্বতী ভাৰতীয়ে লিখিছে, ‘কিছু মনৰ কথা কওঁ। আপোনালোকে দায় দোষ নধৰিব l জুবিন দাৰ মৃত্যুৰ দিন ধৰি জীৱনটো সহজ, স্বাভাৱিক হৈ থকা নাই l অকল মোৰেই নহয় প্ৰতিজন মানুহৰে একেই অনুভৱ l এটি কোণত সকলোৱেই কঢ়িয়াই লৈ ফুৰিছোঁ এক শূণ্যতাক।কাৰণ তেওঁ আছিল আমাৰ প্ৰেৰণা, সাহস, মৰম, ভালপোৱা, গৌৰৱ …এক কথাত আমাৰ উশাহ। এই ৰিক্ত মনত অলকানন্দা বোৱাবলে জুবিন দা আৰু কাহানিও নাহে। সেয়া আমি মনি ল’ব পৰা নাই।
সমান্তৰালভাৱে আন এক কথাই মনটোক বৰকৈ কষ্ট দি আছে। বিষয়-
Amritprava Mahanta ….কি পৰিস্থিতিত পৰি ইমান ডাঙৰ শাস্তি পাবলৈ গৈ আছে সেয়া আমাৰ বাবে এক নুবুজা সাঁথৰ ।….কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি??নে তেওঁলোকে তাইক নি নিজস্ব কোথা নিদিয়াটো crime আছিল? নে Siddhartha sharmai তেওঁক ধমকি দিয়াটো তাইৰ crime আছিল…. বহু কথাই আমনি কৰি আছে। আচলতে হৈছিল কি?
Video footage Amritpravaই ৰাইজক বিলাই দিছিল জানো! ?সেয়াতো এতিয়ালৈ প্ৰমাণেই নহ’ল। Zubeen Garg ৰ দৰে বিশেষ, বিশাল ব্যক্তিত্বৰ গৰাকী এজন, যিয়ে toilet গ’লেও মানুহে recording কৰিব খোজে তেওঁ সাগৰত সাঁতুৰি থকা ভিডিঅ’ মই দেখিলে মইওঁ হয়তো কৰিলোঁ হয়…আপোনালোকে নকৰিলে হয়নে? যিহেতু সকলোৰে হাতে হাতে মোবাইল থাকে…
এতিয়া আহিছো অমৃতপ্ৰভা ছোৱালীজনীৰ বিষয়ে…
যাক আদালতে শাস্তি দিয়াৰ আগতেই আমি ( ৰাইজে)শাস্তি দিয়ে পেলালোঁ…যেনে তাই বিষপ্ৰভা, বেয়া চৰিত্ৰৰ, জুবিন দাক তায়েই মাৰিলে…জুবিন দাক চিৰি হিচাবে ব্যৱহাৰ কৰিলে career গঢ়াৰ নামত ইত্যাদি ইত্যাদি… প্ৰশ্ন হয়…তাইৰ বিষয়ে আপোনালোকে এইবোৰ কথা জানি লিখিছে, নে নজনাকে?
আপোনালোকে তেওঁক জানেনে??…kindly mobile skip নকৰিব কাৰোবাৰ বিষয়ে বেয়াকে লিখা বা কোৱাটো বৰ সহজ….কিন্তু সম্পূৰ্ণ কৈ নজনাকে কাৰোবাক জানো অপবাদ দিয়া যায়? মই যি জানো…সেয়াহে লিখিম l নজনা কথা নিলিখোঁ l…Zubeen da যদি আজি জীয়াই থাকিলে হয়…এইবোৰ সহ্য কৰিব নোৱাৰিলে হয়..সেয়া ডাঠি কব পাৰোঁ….( Singapore যোৱা বাকীবোৰৰ বিষয়ে মই কব খুজা নাই. যিহেতু তেওঁলোকৰ কথাবোৰ নাজানো)
মাহৰ প্ৰায় 20 ta দিনতেই গান, নাচ কৰি busy থকা এই ছোৱালীজনী জুবিন দাই লগত এনেই নিয়া নাছিল । তাইৰ talent দেখিয়েই অভিভূত হৈছিল দাদাই…লগতে অত্যন্ত স্বাভিমান থকা amritprava যি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান এখনৰ তেওঁ শ্ৰেষ্ঠা গায়িকা আৰু শ্ৰেষ্ঠা নৃত্যশিল্পী সেয়া দেখি আমিও তেওঁৰ প্ৰতিভাৰ সৈতে চিনাকী হৈছিলোঁ l পদ্মভূষণ যতীন্ গোস্বামী দেৱৰ পৰা আদি কৰি সত্ৰীয়া আৰু কথক নৃত্যৰ বিশেষ পাৰদৰ্শিতা থকা Amrit prava কিছুদিনৰ ভিতৰতে সকলোৰে( সমাজৰ বিশিষ্ট ব্যক্তি)মৰমৰ হৈ পৰিছিল….ভাইমন দা চিনেমা খনৰ এৰা এৰি
#eraeri গীতটো ও জুবিন দাই এটা version Amritpravak গাবলৈ দিছিল….সেয়াই নহয় 2015 – 16 বৰ্ষতে Amritpravai দুখনকৈ অসমীয়া বোলছবিত গীত গাইছিল….যিটো জুবিন দাক লগ পোৱাৰ বহু আগৰ কথা….নিজৰ প্ৰতিভাৰ বলত লাহেলাহে জিলিকিব ধৰা এই কোমল কলিটিক লৈ আপোনালোকে গৌৰৱ কৰিব লাগেনে কটু বাক্য ব্যৱহাৰ কৰি তেওঁক শেষ কৰি দিব লাগে?
কথা ক’ব নজনা অমৃতপ্ৰভাই মঞ্চত কথা নকয়।….কাৰণ তেওঁ কথা ক’ব নাজানে..এই কথাটো amritprava ক খুব ভালকৈ জনাবোৰে নিশ্চয় ক’ব…ঘৰৰ আলাসৰ হোৱা বাবে কথা কওঁতে maturity কম….innocence খিনিৰ বাবে জুবিন দা, বন্ধুমহল, পৰিয়াল, সাংস্কৃতিক জগতৰ কিছু লোকৰ তাই প্ৰিয়। কিন্তু নিজ কৰ্ম্ম, কৰ্তব্য হিচাপে পালন কৰি 100% দিয়া এই ছোৱালীজনী নিজৰ দক্ষতাত কোনো প্ৰশ্ন বোধক নাই। …. এগৰাকী Doordarshan ৰ B grade নৃত্য শিল্পী,( classical), চিনেমাৰ নেপথ্য গায়িকা, এগৰাকী choreographer, cottonian, Handique college r best singer, best dancer…পঢ়াত সাংঘাটিক চোকা অমৃতপ্ৰভা।
এতিয়া মোক কওঁক , তেওঁক লৈ আমি গৌৰৱ কৰিব লাগে নে তেওঁক তিৰস্কাৰ কৰিব লাগে!…..প্ৰতিটো খোজতে চম্ভালি খোজ দিয়া ছোৱালীজনী, জুবিন দাই অনুষ্ঠানত নিয়া 2 বছৰো হোৱা নাই….কিন্ত্ত তেওঁৰ এই সাধনা সৰুৰে পৰা চলি আহিছে…
নলবাৰীৰ এটা সাংস্কৃতিক , সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালীজনীক দাদাই গান গাব মাতোতে কিমানক যে শুধিছে…..জুবিন দাই মাতিছে কি কৰো?? মোৰ dance ৰ school, “মা”ৰ dance ৰ school, সত্ৰীয়া অনুষ্ঠান, গানৰ, কথকৰ এইবোৰ চোন আছেই। নিজৰ কৰ্মৰ বলত সৰুতেই বিদেশ দেখা ছোৱলীজনীৰ মই ভাবো Singapore দেখাৰ বৰ বিশেষ হেঁপাহ নাছিল…হেঁপাহ আছিল মাথো জুবিন দাই কৈছে…মই তাত গান গাম, নাচিম…
দাদাক অত্যন্ত ভালপোৱা সহজ, সৰল Amritprava এতিয়া হত্যাকাৰী l কোনোবা youtuber এ ক’লে, তেওঁ গোটেই ৰাতি দাদাক মদ যোগান ধৰিলে… তেওঁ(youtuber) হয়তো সৰু আছিল সেয়েহে নাজানে, তেওঁৰ দেউতাকে Zubeen dar জন্মদিনত এবাৰ মদৰ বটল gift কৰোঁতে কি হাহাঁকাৰ হৈছিল….( আছিলো তাত)।
কোনে কি স্বাৰ্থত কি কৰিছে বা কি কৰিব গৈ আছে মই নাজানোঁ…..কিন্তু যাক লৈ আমি গৌৰৱ কৰিব লাগে…কেৱল মাত্ৰ এটা media byte ত তেওঁৰ ব্যক্তিত্ব কলৈ, পৰিয়ালক লৈ কিছুমান mem বনোৱা হ’ল…ইটোক দেখি সিটোই কৰি কথা ডাঙৰ হৈ amritprava villain হৈ পৰিল…
Amritpravai যদি Zubeen dar শেষ সময়ৰ video বোৰ নকৰিলে হয় আমিচোন একো গমেই নাপালোঁ হয়.. তাত কি ঘটিছিল…
শেষৰ video পোৱা গ’ল.. কিন্তু ৰাইজক দেখুওৱা নহ’ল…
এতিয়া কথা হ’ল…
কাৰোবাৰ স্বাৰ্থৰ বাবে ( ব্যক্তিগত, ৰাজহুৱা) এনেকুৱা প্ৰতিভা সম্পন্ন ছোৱালীজনীৰ ঘৰৰ বা তেওঁৰ নিজৰ যদি কিবা অঘটন হয় তাৰ দায়িত্ব আপুনি মই ল’মনে?….সেয়া কিন্তু ক্ষমাৰ যোগ্য নহ’ব….যিয়ে
এনেকুৱা কৰি আছে তেওঁলোকৰো নিশ্চয় সন্তান আছেl ..এবাৰ ভাবিবচোন Zubeengarg r দৰে প্ৰিয়, সকলোৰে মৰমৰ শিল্পী এগৰাকীয়ে যদি আপোনাৰ সন্তানৰ প্ৰতিভা দেখি গান গাবলৈ কিম্বা নাচিবলৈ মাতে, আপুনি নপঠাবনে????. বহুত কষ্ট কৰি আহি এইখিনি ঠাই তেওঁ পাইছে…
যদি দুবছৰ আগত Zubeen dai তেওঁক মঞ্চত গাবলৈ নামাতিলে হেতেন আজিৰ তেওঁৰ এই দুৰ্দশা নহয়….
বলিৰ পঠা যেন কোনো নহয় l আমাক সম্পূৰ্ণ সত্য লাগে। ৰাইজক বিভ্ৰান্ত নকৰিব

..মনত ৰাখিব আমি গঢ়িবও পাৰো…ভাঙিবওঁ পাৰোঁ…
অমৃতপ্ৰভাক তেওঁৰ “মা” দেউতাই airport ত থ’বলৈ যাওঁতে জুবিন দাই দেউতাকৰ চকুত চকুপানী দেখি কৈছিল -“মই আছো নহয় আপুনি চিন্তা নকৰিব”….হয়তো জুবিন দাই তাইক সুৰক্ষা দিব….তাইৰ সন্মান ঘূৰাই আনি দিব…
আমাক সত্য জানিব দিয়ক

দোষীৰ চৰম শাস্তি হওঁক… নিৰ্দোষীৰ মুক্তি হওঁক।
মোৰ কথাখিনিয়ে কাৰোবাক কষ্ট দিছে যদি ক্ষমা

বিচৰাছোঁ।এইখিনি জনোৱাটো মোৰ দায়িত্ব বুলি ভাবিলোঁ…
অসমীয়াই হীৰা এটুকুৰা হেৰালোঁ যে …আমি সৰ্বস্বান্ত…
কিন্ত্ত মোৰ আইক ভাল পাওঁ বুলিলেই আনৰ আইক জানো ঘিণ কৰাটো বুজাব…’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ