• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

3 years ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

11 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

12 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

13 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

13 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

14 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

15 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

16 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

16 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

16 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

17 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

editor by editor
May 6, 2023
in জীৱনশৈলী, ভাৰত
0
নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰ্তমান তেওঁ এগৰাকী আমোলা। মধ্যপ্ৰদেশৰ খাণ্ডোয়াৰা পুৰনিগমৰ তেওঁ প্ৰথমগৰাকী মহিলা কমিছনাৰ। কিন্তু এই আমোলা হোৱাৰ পথ সহজ নাছিল তেওঁৰ। বৰ্তমান তেওঁক পদবীৰ বাবেই সকলোৱে সন্মান কৰে যদিও এদিন তেওঁৰ সকলোৱে কেৱল মাত্ৰ উপেক্ষাই কৰিছিল। পদে পদে সংগ্ৰাম, যুদ্ধ। এই যুঁজ আছিল পৰিয়ালৰ বিৰুদ্ধেই। সংবাদমাধ্যমৰ সন্মুখত দিয়া এক সাক্ষাৎকাৰত এই কাহিনী তুলি ধৰিছে আইএছ সবিতা প্ৰধান গৌড়াই।

সবিতা বৰ্তমান এগৰাকী সফল আমোলা হোৱাৰ লগতে সফল মাতৃ তথা এগৰাকী সফল জীয়াৰীও। কিন্তু এই সাফল্যৰ নেপথ্যত থকা কষ্টবোৰেই তেওঁক আজি সকলোৰে পৰিচিত কৰি তুলিছে। মধ্যপ্ৰদেশৰ মণ্ডী জিলাৰ এক আদিবাসী পৰিয়ালত জন্ম হৈছিল সবিতাৰ। পৰিয়ালৰ আৰ্থিক অৱস্থাও বিশেষ স্বচ্ছল নাছিল। সৰুৰে পৰাই পঢ়াশুনাৰ প্ৰতি বিশেষ ধাউতি আছিল সবিতাৰ। সেয়ে হাজাৰ বাধা অতিক্ৰম কৰি ৭ কিঃমিঃ দূৰৈৰ এখন স্কুলত দৈনিক খোজেৰে অহা যোৱা কৰিছিল সবিতাই। মণ্ডী জিলাৰ প্ৰথমগৰাকী দশম শ্ৰেণী ছাত্ৰী উত্তীৰ্ণ ছাত্ৰী আছিল সবিতা। ভাল পঢ়াশুনাৰ বাবে বৃত্তিও পাইছিল সবিতাই। সেই বৃত্তিৰ ধনেৰেই পঢ়াশুনা কৰিছিল সবিতাই। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত কলেজলৈ যাবলৈ বাছৰ ভাড়াও যোগাৰ কৰিব পৰা নাছিল যাৰবাবে দৈনিক খোজেৰেই অহা যোৱা কৰিছিল সবিতাই। দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱা হেতুকে পিতৃয়ে সবিতালৈ পঢ়ি থাকোতেই অহা বিবাহৰ সম্বন্ধত জীয়াৰীক আগবঢ়াই দিলে। পিতৃৰ কথা ৰাখিয়েই সবিতা বিয়াত বহিল। কিন্তু বৈবাহিক জীৱন সুখৰ নহ’ল সবিতাৰ। বিবাহৰ কেইটামান দিনৰ পাছতেই স্বামীৰ অত্যাচাৰ আৰম্ভ হ’ল। প্ৰতিদিনেই স্বামীৰ অত্যাচাৰৰ সন্মুখীন হ’ল সবিতাই।

এই কাৰ্যত স্বামীৰ পিতৃ আৰু মাতৃয়েও সহায় কৰিলে সবিতাৰ স্বামীক। তেওঁ এই সন্দৰ্ভত কয়, ‘ বিবাহৰ পাছতেই মই অন্তসত্বা হ’লো। কিন্তু তেতিয়াও মই ৰেহাই নাপালো। খাদ্যও খাবলৈ দিয়া হোৱা নাছিল মোক। চুৰ কৰি খাদ্য খাইছিলো। অন্তঃসত্ত্বা অৱস্থাতেই মোৰ ওপৰত বিভিন্ন অত্যাচাৰ চলিল। এই অত্যাচাৰ সহ্য কৰিয়েই মই যমজ সন্তানৰ মাতৃ হ’লো। এসময়ত মই অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিবলৈকো আগবাঢ়িছিলো। কিন্তু মই আকৌ নিজকে জুঁকিয়াই চালো। নাই মই আত্মহত্যা কৰিলে সন্তান দুটাৰ ক্ষতি হ’ব। তেতিয়াই মই সিদ্ধান্ত সলনি কৰিলো। স্বামীৰ গৃহ ত্যাগ কৰিলো। সন্তানকেইটাও যিহেতু মোৰ লগত আছিল সেয়ে মই এখন বিউটি পাৰ্লাৰত কাম কৰা আৰম্ভ কৰিলো।’

ইয়াৰোপৰি সবিতাই কয়, ‘মই আকৌ নতুনকৈ পঢ়াশুনা আৰম্ভ কৰিলো। ইন্দোৰ বিশ্ববিদ্যালয়ত পাবলিক এডমিনিষ্ট্ৰেটিভত স্নাতকোত্তৰ কৰিলো। তাৰপাছতেই ইউপিএছছি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰো। ২০১৭ চনত প্ৰথমবাৰতেই মই ইউপিএছছি পৰীক্ষাত উত্তীৰ্ণ হ’লো। কাৰণ মোৰ হাৰি যোৱাৰ মানসিকতা নাছিল। মনটোক ইমান যোগাত্মক কৈ গঢ়িছিলো যে মই জীৱনত সফল হমেই বুলি ধৰি লৈছিলো। সৰুৰে পৰাই আৰম্ভ হোৱা সংগ্ৰাম বিবাহৰ পাছত আৰু জটিল হৈ পৰিছিল। সেই জটিলতাবোৰেই মোৰ সফল হোৱাৰ পথ মুকলি কৰি দিলে। মই আজি নিজকে সফল বুলি ক’ব পাৰো।’

’২১ চনত খাণ্ডোৱা পৌৰনিগমৰ প্ৰথম মহিলা কমিছনাৰ হিচাপে নিযুক্তি লাভ কৰিছে সবিতাই। তাত নিযুক্তি লাভ কৰিয়েই এলেকাটোৰ সকলো মাফিয়াকেই দমন কৰাত সফল হৈছে সবিতা। কামৰ বাবেও জনপ্ৰিয় হৈ পৰা আইএএছ অফিচাৰগৰাকীৰ এই কাহিনী বহুতেই নাজানিছিল। শেহতীয়াভাৱে তেঁও ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া এক সাক্ষাতকাৰৰ পাছতহে এই বিষয়টো সকলোৰে দৃষ্টিগোচৰ সৈতে। ৪মহীয়া সন্তানক কোলাত লৈ অফিচত যোগ দিওতেই তেওঁৰ অসাধাৰণ ব্যক্তিত্বত সকলো মোহিত হৈছিল। পাছলৈ এই সাফল্যৰ আঁৰৰ কাহিনীয়ে এতিয়া বহু নাৰীকেই প্ৰেৰণা দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.