অসম লাইভ২৪ঃ অসমত আৰু মাত্ৰ কেইটামান দিনহে আছে আনন্দ মিশ্ৰ। ইতিমধ্যে লখিমপুৰৰ পৰা বিদায় লৈ তেওঁ মহানগৰীত উপস্থিত হৈছে। মহানগৰীত উপস্থিত হৈয়েই আকৌ এবাৰ অসমৰ প্ৰশংসাত পঞ্চমুখ আনন্দ মিশ্ৰ। বিদায়পৰত আনন্দ মিশ্ৰই ক’লে, ‘এখন পত্ৰলৈ অপেক্ষা কৰি আছো। বস্তু বাহানি মই পঠিয়াই দিলো। মুঠ ৭বছৰ মই অসমত আছো। মই ৭ বছৰত অসমীয়া শিকিছো। অসমীয়া মই কেনেকৈ শিকি গ’লো মই নিজেও নাজানো। অসমীয়াৰ সমান ধুনীয়া ভাষা জানো পৃথিৱীত আছে! অসমীয়া ভাষা বিৰাট ছুইট, ক’লে কৈ থাকিব মন যায়। মই অসমীয়া ভাষাৰ নিজা এটা কেৰেক্টাৰ দেখা পাওঁ। অসমৰ পৰা মই এসপ্তাহমানৰ পাছতেই গৈ আছো। অসমত থাকি মই এটা ডাঙৰ কথা শিকিছো। অসমীয়া মানুহে নাটক কৰে, অসমীয়া মানুহ সঁচাকৈয়ে ভাল। অসমীয়া মানুহে মৰমৰ প্ৰতিদান নিবিচাৰে। অসমীয়া মানুহে মোক মৰম দি কি পাইছেনো?
মইতো একো দিব পৰা নাই। অসমে মোক এই শিক্ষাও দিছে যে, কেতিয়াও কাৰো বাবে বেয়া নকৰিব। অসমীয়া মানুহে মোক এই কথা শিকাইছে। মই য’তেই নাথাকো কিয় এই কথা মই এৰিব নোৱাৰো। অসমে দিয়া শিক্ষা মই সদায়ে মানি চলিম। অসমে দিয়া ভালপোৱাক মই কেনেকৈ পাহৰিম। মোৰ সকলো মানুহৰ প্ৰতিয়েই দৃষ্টি একেই। এজন হোমগাৰ্ডেৰ মূৰত অশোক স্তম্ভ থাকে। একেই স্তম্ভ আমাৰ মূৰত আছিল। আমাৰ কাম বেলেগ বেলেগ সেইবুলি তেওঁ তলৰ কৰ্মী বুলি মই কেতিয়াও নাভাৱো। সকলোৰে নিজা ৰেংক আছে।
মুখ্যমন্ত্ৰীয়ে কিবা এটা মন্তব্য কৰিলে বহুতে মোক টাৰ্গেট কৰি কোৱা বুলি ভাৱে কিন্তু, মোৰ নিচিনা বহুত অফিচাৰ আছে। বহুতে মোৰ দৰে গীতাৰ বজাই, মোকেই তেওঁ কৈছে বুলি মই ভৱাই নাই। মানুহে মোক কোৱা বুলি ভাৱে। কোনোবাই মোক লৈ জেলাছ হৈছে বুলি মই কাহানিও ভৱা নাই। মই আজি ডেকা হৈ আছো, কাইলৈ বুঢ়া হ’ম তেতিয়া নিজক উভতি চাম, যদি ডেকাকালৰ কাহিনীয়ে নাথাকে তেন্তে ডেকাকাল বুলিনো কি থাকিল। ভালৰ লগত মই সদায়ে ভাল, বেয়াৰ লগত মোতকৈ কঠোৰ নাপাব। মই বেয়াৰ বিৰুদ্ধে উগ্ৰ হমেই। মই নিজৰ খঙক কণ্ট্ৰল কৰিবলৈকে মই হাঁহি থাকো। মই এজন ট্ৰেইনিং লোৱা আৰক্ষী অফিচাৰ গতিকে মই আৰক্ষী হিচাপে মই মোৰ ডিউটি পালন কৰিছো। মানুহে মোক নগাওঁৰ ইনচিডেণ্টক লৈ আঙুলিয়াই থাকে, মই সেই কাম কৰা নাই। মই জীৱনত নিৰীহ মানুহৰ বিৰুদ্ধে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। সেই ঘটনাৰ সময়ত মোৰ কভিড হৈ আছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















