ভাৰতীয় উদ্যোগীৰ তালিকাত তেওঁ প্ৰথম শাৰীত। তেওঁ সম্পত্তি আঙুলিত গণি শেষ কৰিব নোৱাৰি। সেই মুকেশ আম্বানীৰ কনিষ্ঠ সন্তান অনন্তৰ বিবাহৰ আলোচনা এতিয়া সৰ্বত্ৰতে। জুলাই মাহত বিবাহ সম্পন্ন হব অনন্ত-ৰাধিকাৰ। ইতিমধ্যেই জামেনগৰৰ পৰাই আৰম্ভ হৈছে বিবাহৰ অনুষ্ঠান।
পৰিয়ালৰ সৰু সন্তান উপলক্ষ্যে কোনো ক্ষেত্ৰতেই কোনো বেমেজালি বিচৰা নাই আম্বানী পৰিয়ালে। জাকজমকতাৰে আৰম্ভ হৈছে এটাৰ পাছত আনটো বিবাহৰ অনুষ্ঠান। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি অতিথিৰ তলিকাত আছে দেশ বিদেশৰ বহু ধনী-মানি ব্যক্তি। কোন কোন আহিব এই অনুষ্ঠানলৈ?
ইতিমধ্যে আন এক প্ৰাক বিবাহৰ অনুষ্ঠান চলি আছে বিদেশৰ মাটিত। এই প্ৰাক বিবাহৰ অনুষ্ঠান চলিছে এখন বিশেষ ক্ৰুজত। ভাসমান এখন জাহাজত চলিছে বিবাহৰ অনুষ্ঠান। ইটালীৰ এখন বিলাসবহুল ক্ৰুজ ভাড়া কৰি প্ৰাক বিবাহৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আজি শেষ হব প্ৰাক বিবাহৰ অনুষ্ঠান। কিন্তু শেষৰ দিনটোও সাধাৰণভাৱে পাৰ হব তেনে নহয়।
ইটালীৰ এই ক্ৰুজ ভাড়া কৰিবলৈ আম্বানী পৰিয়ালে খৰচ কৰিছে কেইবাকোটি টকা। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ক্ৰজ ভাড়াত লোৱাৰ বাবে আম্বানীয়ে দিছে ৯০০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাত এই মূল্য ৭,৫০০ কোটি টকা। বলীউডৰ অভিনেতা অভিনেত্ৰীসকলক ৰখাৰ বাবে ব্যয় কৰিছে প্ৰায় ৬০লাখ টকা। প্ৰায় ৬০০ অতিথিক লৈ দক্ষিণ-ফ্ৰান্সৰ পৰা এখন বিলাসবহুল জাহাজ ভাড়ালৈ অনা হৈছে। এই জাহাজ ইটালীৰ সাগৰৰ মাজে মাজে ফুৰিব। এই বিশেষ জাহাজত অতিথিয়ে লাভ কৰিব বিলাসবহুল সুবিধা। এই জাহাজত আছে আৰমদায়ক স্পা, জীম, ছুইমিং পুল, যোগভ্যাসৰো বিভিন্ন সুবিধা।
ভোজনৰসিকেও ইয়াত কৰিব পাৰিব ভোজনবিলাস। তিনিদিনীয়া এই অনুষ্ঠানত গীত পৰিবেশন কৰিছে পপ গায়িকা ছাকিৰাই। এই তিনিদিনীয়া অনুষ্ঠানৰ বাবে ছাকিৰাই লৈছে প্ৰায় ৭৫ কোটি টকা। ইয়াৰোপৰি বলীউডৰ কেইবাগৰাকীও নামী-দামী তাৰকা আছে এই অনুষ্ঠানত। তালিকাত আছে তিনি খান, ৰণবীৰ কাপুৰ, আলিয়া ভাট্টকে ধৰি কেইবাগৰাকীও অতিথি।
উল্লেখ্য যে ১২ জুলাইৰ পৰা ১৪ জুলাই পৰ্যন্ত চলিব বিবাহৰ অনুষ্ঠান। প্ৰথম দিনা, ১২ জুলাইত বিয়া। সেই দিনটোত নিমন্ত্ৰিত অতিথিয়ে পিন্ধিব লাগিব ভাৰতীয় পোছাক, ১৩ জুলাইত বিদায় আৰু ১৪ জুলাইত পাৰ্টী। তিনিদিনীয়া এই অনুষ্ঠান চলিব জিঅ ৱাৰ্ল্ড কনভেনছন চেণ্টাৰত। বলীউড তাৰকাই নিমন্ত্ৰণ লাভ কৰাৰ ওপৰিও এই অনুষ্ঠানত থাকিব বিশ্বৰ বহু খ্যাতনামা ব্যক্তি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ