চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল
এতিয়াৰ পৰা চোৰ হোৱা মোবাইলৰ সন্ধান কৰা সহজ হৈ পৰিব। মোবাইল চুইটছ অফ হৈ থাকিলেও সহজে ইয়াক বিচাৰিব পৰা যাব। ইয়াৰ বাবে গুগলে উলিয়ালে এক নতুন সুবিধা।
গুগলে সদ্যহতে এই বছৰত আহিবলগীয়া এক নতুন মোবাইলৰ মুকলিৰ তাৰিখ সদৰি কৰে। সেই মোবাইলতেই থাকিব নতুন সুবিধা। যাৰ নাম এনড্ৰ’ইড ১৫ .
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই নতুন আপডেটেড মোবাইল ভাৰ্জনটোতে তাকিব এই বিশেষ সুবিধা। যাৰ ফলত মোবাইল বন্ধ হৈ থাকিলেও হেৰালে বা চোৰ হলে ইয়াক বিচাৰি পোৱা যাব, বা সন্ধান উলিয়াব পৰা যাব।
বৰ্তমানে মোবাইল সমূহত থকা ফাইন্ড মাই ডিভাইছ চিষ্টেমৰ কিছুমান সীমাবদ্ধতা থাকে। এক নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিলে আৰু ফোন অন হৈ থাকিলে, লগতে ইণ্টাৰনেট কানেকচন থাকিলেহে ইয়াক বিচাৰি উলিয়াব পৰা যায়।
সেয়ে ভৱিষ্যতে এই সুবিধাকো উন্নত কৰিব। আৰু ইণ্টাৰনেট কানেকচন অবিহনেই হেৰুৱা ফোন বিচাৰি উলিয়াব পৰা যাব। যি ভৱিষ্যতলৈ বহু সুবিধাজনক হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ