বছৰৰ প্ৰথমমাহ শেষ হ’বলৈ বেছি দিন নাই৷ আৰু জানুৱাৰীৰ অন্তিমসময়তেই তৈয়াৰ হ’ব এক বিশেষ যোগ৷ জ্যোতিষমতে ২৮ জানুৱাৰীৰ পুৱা ৭বাজি ৩০ মিনিটত শুক্ৰ আৰু শনি গ্ৰহই এটাই আনটোৰ পৰা ৪৫ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ আৰু জ্যোতিষত এই যোগক অৰ্থকেন্দ্ৰ যোগ বুলি কোৱা হয়৷
বৰ্তমান শনি আছে মীন ৰাশিত৷ আৰু শুক্ৰ আছে মকৰ ৰাশিত৷ মকৰ ৰাশিত সূৰ্য, বুধ আৰু শুক্ৰ মিলি এক চতুৰ্গ্ৰহী যোগ তৈয়াৰ কৰিব৷ যাৰ ফলত কিছু ৰাশিৰ ভাগ্য সলনি হব৷ দূৰ হব অৰ্থকষ্ট৷ জানি থওক এই কেন্দ্ৰ যোগৰ ফলত কোন কোন ৰাশিৰ জীৱনলৈ আহিব ভাল সময়৷
বৃষ ৰাশি
শনি আৰু শুক্ৰ মিলি তৈয়াৰ কৰিছে এক দুৰ্লভ যোগ৷ যাৰ ফলত এই সময়ত ভাল ফল পাব বৃষ ৰাশিৰ জাতকে৷ তেওঁলোকে জীৱনত আগুৱাই যাব৷ পৰিশ্ৰমৰ ফল পাব৷ কেৰিয়াৰত পদোন্নতি হব পাৰে আপোনাৰ৷ ইয়াৰোপৰি ব্যৱসায়ত আগুৱাই যাব৷ ইয়াৰ সৈতে আয়ো বাঢ়িব৷ আৰ্থিক স্থিতি মজবুত হব৷ চিন্তাৰ কোনো কাৰণ নাই৷ ভাল সময়ৰ বাবে প্ৰস্তুত হওক৷
মকৰ ৰাশি
শুক্ৰ আৰু শনিৰ যোগে জীৱনত সুখ কঢ়িয়াই আনিব মকৰ ৰাশিৰ৷ একাধিক নতুন পথ খুলি যাব৷ কেৰিয়াৰত উন্নতি হব৷ ব্যৱসায় বৃদ্ধি পাব দ্ৰুত গতিত৷ আপোনাৰ হাতলৈ ধন আহিব পাৰে৷ ইয়াৰোপৰি মান সন্মান বাঢ়িব৷ ইয়াৰ সৈতে সুখ বৃদ্ধি পাব জীৱনত৷ এই সময়ত আপুনি নতুন বাহন কিনিব পাৰে৷ দুশ্চিন্তাৰ কাৰণ নাই সকলো ভালধৰণে আগুৱাব৷
মীন ৰাশি
অৰ্ধচন্দ্ৰ যোগৰ ফলত অত্যন্ত শুভ সময় আহিব মীন ৰাশিৰ৷ এই সময়ত আপোনাৰ বহুদিন ধৰি ৰৈ থকা কাম সম্পন্ন হব৷ ব্যৱসায় আৰু চাকৰিত উন্নতি হব৷ পৈতৃক সম্পত্তি লাভৰো আশা আছে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰ সৈতে নতুন নতুন প্লেন কৰিব পাৰে৷ যিসকল বিদেশলৈ যাব খোজে তেওঁলোকৰ আশা এই সময়ত পূৰণ হব৷ আনকি দেশৰ বাহিৰলৈ চাকৰিৰ বাবে যাব পাৰে৷ চিন্তাৰ কাৰণ নাই৷ বৰং নতুন ভাল সময়ৰ বাবে সাজু হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















