• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

1 month ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

7 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

7 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

8 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

9 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

9 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

10 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

10 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

11 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

12 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

13 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

চিনাক্ত কৰক এই ৬টা সংকেত

editor by editor
July 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন কোনো ব্যক্তি জীৱনত আহি যদি হঠাতে আপোনাক পৃথিৱীৰ আটাইতকৈ বিশেষ মানুহ বুলি অনুভৱ কৰায়, তেন্তে সেয়া স্বাভাৱিকভাৱে ভাল লাগিবই। সদায় খবৰ লোৱা, অতিমাত্ৰা প্ৰশংসা কৰা, উপহাৰেৰে ভৰাই তোলা—আৰম্ভণিতে এই সকলোবোৰ চিনেমাৰ দৰে এক মধুৰ অনুভূতি যেন লাগিব পাৰে। কিন্তু এই আচৰণবোৰ সদায় প্ৰকৃত প্ৰেমৰ চিন নেকি? নে ই হৈছে ‘লাভ বম্বিং’ নামৰ এক মানসিক নিয়ন্ত্ৰণৰ কৌশল?

LOVE BOMBING কি?

‘লাভ বম্বিং’ হৈছে এনে এক আচৰণ, য’ত কোনোবাই সম্পৰ্কৰ আৰম্ভণিতে অত্যধিক মৰম, মনোযোগ, প্ৰশংসা আৰু উপহাৰৰ জৰিয়তে আপোনাৰ বিশ্বাস আৰু আৱেগ দখল কৰিবলৈ চেষ্টা কৰে। ইয়াৰ মূল উদ্দেশ্য প্ৰেম প্ৰকাশ কৰা নহয়; বৰঞ্চ ধীৰে ধীৰে আপোনাৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰা। বহুতে ইয়াক ‘সঁচা প্ৰেম’ বুলি ভুল বুজি মানসিকভাৱে ক্ষতিগ্ৰস্ত হয়।

তলত ‘লাভ বম্বিং’ৰ ৬টা গুৰুত্বপূৰ্ণ সংকেত উল্লেখ কৰা হ’ল—

১. আৰম্ভণিৰে পৰাই অত্যধিক প্ৰশংসা কৰা
চিনাকি হোৱাৰ কেইদিনমানৰ ভিতৰতে যদি কোনোবাই কয়—“তুমিয়েই মোৰ সকলো”, “তোমাৰ দৰে মানুহ মই কেতিয়াও দেখা নাই”, “তুমিয়েই মোৰ ছ’লমেট”—তেন্তে সাৱধান হওক। সঁচা প্ৰেম সময়ৰ লগে লগে গঢ়ি উঠে। ভালদৰে নাজানিও যদি কোনোবাই আপোনাক অতিমাত্ৰা মহিমামণ্ডিত কৰে, তেন্তে সেয়া ‘লাভ বম্বিঙ’ৰ প্ৰথম সংকেত হ’ব পাৰে।
২. সম্পৰ্কটো দ্ৰুতগতিত আগবঢ়াব বিচৰা
এটা সুস্থ সম্পৰ্ক ধীৰে ধীৰে শক্তিশালী হয়। কিন্তু ‘লাভ বম্বাৰ’সকলে অতি সোনকালে বিয়া, একেলগে থকা বা ভৱিষ্যৎ সম্পৰ্কে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ উদ্দেশ্য হৈছে আপোনাক চিন্তা কৰাৰ সুযোগ নিদি আৱেগিকভাৱে নিজৰ প্ৰভাৱত অনা।
৩. সদায় খবৰ লোৱা আৰু অবিৰত মেছেজ কৰা
“ক’ত আছা?”, “কাৰ লগত আছা?”, “কি কৰি আছা?”—দিনটোজুৰি এনেধৰণৰ মেছেজ বা ফোন আৰম্ভণিতে যত্ন যেন লাগিব পাৰে। কিন্তু বাস্তৱত ই আপোনাৰ ব্যক্তিগত স্বাধীনতা আৰু ব্যক্তিগত পৰিসৰ সংকুচিত কৰাৰ এক উপায়ো হ’ব পাৰে। ইয়াৰ জৰিয়তে তেওঁলোকে আপোনাৰ ওপৰত সদায় নজৰ ৰাখিবলৈ চেষ্টা কৰে।
৪. আৰম্ভণিতে দামী উপহাৰ আৰু ডাঙৰ চাৰপ্ৰাইজ দিয়া
সম্পৰ্কৰ আৰম্ভণিতে দামী উপহাৰ, হঠাতে ভ্ৰমণৰ আয়োজন বা আপোনাৰ সকলো প্ৰয়োজন পূৰণ কৰাৰ চেষ্টা ‘লাভ বম্বিঙ’ৰ এটা সাধাৰণ বৈশিষ্ট্য। ইয়াৰ ফলত আপোনাৰ মনত তেওঁলোকৰ প্ৰতি এক ধৰণৰ ঋণী হোৱাৰ অনুভূতি জন্মে। পাছত তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে আপুনি সম্পৰ্ক এৰিবলৈ অপৰাধবোধ অনুভৱ কৰিব পাৰে।
৫. বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা
‘লাভ বম্বাৰ’সকলে বিচাৰে আপোনাৰ পৃথিৱী কেৱল তেওঁলোকক কেন্দ্ৰ কৰি ঘূৰি থাকক। সেইবাবে তেওঁলোকে ধীৰে ধীৰে আপোনাক বন্ধু-বান্ধৱ বা পৰিয়ালৰ পৰা আঁতৰাই নিব বিচাৰে। “তোমাৰ বন্ধুয়ে আমাৰ সম্পৰ্কটো ভাল নাপায়” বা “মোৰ তোমাৰ বাহিৰে আন কাৰো প্ৰয়োজন নাই”—এনে কথা কৈ তেওঁলোকে আপোনাক সামাজিকভাৱে অকলশৰীয়া কৰাৰ চেষ্টা কৰে।
৬. ‘না’ ক’লে খং কৰা বা আৱেগিক ব্লেকমেইল কৰা
আপুনি নিজৰ সীমা নিৰ্ধাৰণ কৰিলে, অলপ সময় অকলে থাকিব বিচাৰিলে বা কোনো কথা মানিবলৈ অস্বীকাৰ কৰিলে তেওঁলোকৰ আচৰণ সলনি হৈ যায়। তেওঁলোকে খং কৰে, নিজকে ভুক্তভোগী বুলি দেখুৱায় বা কয়—“মই তোমাৰ বাবে ইমান কৰিলোঁ, তুমি মোৰ বাবে ইমানো কৰিব নোৱাৰিলা?”। এইধৰণৰ আচৰণ আৱেগিক ব্লেকমেইলৰ স্পষ্ট লক্ষণ।

যদি আপুনি ‘লাভ বম্বিং’ৰ সন্মুখীন হৈছে, তেন্তে কি কৰিব?

সঁচা প্ৰেমে স্বাধীনতা দিয়ে। যদি নতুন সম্পৰ্কত ওপৰৰ সংকেতসমূহ দেখা পাইছে আৰু ভিতৰি ভিতৰি অস্বস্তি অনুভৱ কৰিছে, তেন্তে সম্পৰ্কটোৰ গতি অলপ লেহেম কৰক। নিজৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰক আৰু সেই সীমাক সন্মান কৰিবলৈ কওক। যদি সন্মুখৰ ব্যক্তিজনে আপোনাক সঁচাকৈয়ে ভাল পায়, তেন্তে তেওঁ আপোনাৰ সিদ্ধান্ত আৰু ব্যক্তিগত সীমাৰ সন্মান কৰিব। কিন্তু যদি তেওঁৰ উদ্দেশ্য নিয়ন্ত্ৰণ স্থাপন কৰা, তেন্তে সেই নিয়ন্ত্ৰণ হেৰুওৱাৰ ভয়ত তেওঁ ক্ষুব্ধ হৈ উঠিব পাৰে। এনে বিষাক্ত সম্পৰ্কৰ পৰা সময় থাকোঁতেই আঁতৰি অহাটোৱেই বুদ্ধিমানৰ কাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
Next Post
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

'মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন'

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.