• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

3 months ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

12 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

57 minutes ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

12 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

12 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

 মোদীৰ প্ৰশংসাত পঞ্চমুখ পোলেণ্ডৰ মন্ত্ৰী

editor by editor
July 17, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সহজে কাৰো মতামতক গুৰুত্ব সহকাৰে নলয়। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেইসকল বিশ্বনেতাৰ ভিতৰত অন্যতম যাৰ মতামত পুটিনে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। ২০২২ৰ শেষৰফালে ইউক্ৰেইনৰ ওপৰত কৌশলগত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰিবলৈ ৰাছিয়া আৰু পুটিনক বুজাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল’- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে পোলেণ্ডৰ উপ-বৈদশিক মন্ত্ৰী ৱ্লাদিছ্লাভ থেওফিল বাৰ্টোশ্বেভস্কিয়ে। এটা সাক্ষাৎকাৰত বাৰ্টোশ্বেভস্কিয়ে কয় যে-ৰাছিয়াৰ সৈতে ভাৰতৰ দশকজুৰি থকা সম্পৰ্কই নতুন দিল্লীক এক বিশেষ স্থান প্ৰদান কৰিছে, যাৰ ফলত শান্তি স্থাপনৰ প্ৰচেষ্টাত ভাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মোদীৰ প্ৰশংসাত পঞ্চমুখ বাৰ্টোশ্বেভস্কি

সাম্প্ৰতিক যুদ্ধসদৃশ পৰিস্থিতিত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতে লৈ অহা ভূমিকাক প্ৰশংসা কৰি বাৰ্টোশ্বেভস্কিয়ে লগতে কয়-“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ প্ৰেক্ষাপটত এজন অতি সন্মানীয় আৰু সুপৰিচিত বিশ্বনেতা। ৰাছিয়াৰ সৈতে আৰু ইয়াৰ আগতে ছোভিয়েট ইউনিয়নৰ সৈতে, ভাৰতৰ বহুদিনীয়া সম্পৰ্ক আছে। ৰাষ্ট্ৰপতি পুতিনে প্ৰধানমন্ত্ৰী মোদীৰ কথাক গুৰুত্বসহকাৰে লয়।”

বৰ্তমানৰ পৰিস্থিতিত মস্কোৰ সৈতে যোগাযোগ কৰাটো ক্ৰমাৎ কঠিন হৈ পৰিছে আৰু এনে সময়ত পুটিনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা অতি কম নেতাৰ ভিতৰত মোদীও অন্যতম বুলি মত ব্যক্ত কৰে পোলেণ্ডৰ মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে- ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ অৱসান ঘটোৱাত ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব পাৰে।

ভাৰত আৰু চীনৰ গুৰুত্ব

বাৰ্টোশ্বেভস্কিৰ মতে, যিবোৰ দেশক ৰাছিয়াই শত্ৰু বুলি নাভাবে, সেই দেশসমূহৰ পৰা অহা সংযমৰ আহ্বান অধিক ফলপ্ৰসূ হয়। ভাৰতৰ লগতে তেওঁ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ নামো উল্লেখ কৰি কয় যে মস্কোৱে চীনৰ মতামতকো গুৰুত্ব দিয়ে। তেওঁ কয়, “কেৱল প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতেই নহয়, শ্বি জিনপিঙো উত্তেজনা বৃদ্ধি হোৱাৰ বিপক্ষে মত পোষণ কৰিছে। বিশেষকৈ যিবোৰ দেশক ৰাছিয়াই শত্ৰু বুলি নাভাবে, সেই দেশসমূহৰ পৰা এনে বাৰ্তা অহাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত ভাৰতৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।”

তেল ক্ৰয়ক লৈ পোলেণ্ড-ভাৰতৰ মতভেদ হ্ৰাস

বাৰ্টোশ্বেভস্কিয়ে আৰু জনায় যে ৰেহাই মূল্যত ৰাছিয়াৰ কেঁচা তেল আমদানি কৰাৰ বিষয়ত ভাৰত আৰু পোলেণ্ডৰ মাজত থকা মতভেদ এতিয়া বহু পৰিমাণে কমি আহিছে।
তেওঁ স্বীকাৰ কৰে যে আগতে পোলেণ্ডে ভাৰতৰ ৰাছিয়ান তেল ক্ৰয়ৰ সমালোচনা কৰিছিল, কাৰণ ইয়াৰ ফলত পৰোক্ষভাৱে ৰাছিয়াৰ যুদ্ধকালীন অৰ্থনীতি শক্তিশালী হৈছিল। কিন্তু একে সময়তে তেওঁ কয় যে “কম মূল্যত তেল লাভ কৰাৰ অৰ্থনৈতিক যুক্তি পোলেণ্ডে বুজি পাইছিল। এতিয়া দুয়ো দেশেই পৰস্পৰৰৰ স্থিতি অধিক ভালদৰে বুজি পাইছে, আৰু এই বিষয়টো এতিয়া মতভেদৰ কাৰণ নহয়।”

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24PM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.