অসম লাইভ২৪ঃ কৰমণ্ডল দুৰ্ঘটনাৰ ৯ দিন পাৰ হৈ গৈছে। কিন্তু এতিয়াও ভুৱনেশ্বৰৰ মৰ্গত বহু অচিনাক্ত দেহ পৰি আছে। এইসমূহৰ মাজতেই বহু দেহ ইতিমধ্যেই গেলি যোৱাৰ বাবে চিনাক্তকৰণ প্ৰায় অসম্ভৱেই হৈ পৰিছে। দেহসমূহ চিনাক্তকৰণৰ বাবে সম্প্ৰতি প্ৰতিবেশী ৰাজ্যসমূহৰ সৈতে আলোচনাতো মিলিত হৈছে ওড়িশা চৰকাৰ। কিন্তু তাৰপিছতো দেহসমূহ বিচাৰি কোনোৱে আবেদনো কৰা নাই। শেহত উপায়হীন হৈ ওড়িশা চৰকাৰে সাহায্য বিচাৰিছে তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ৰ। সম্প্ৰতি ৰে’ল মন্ত্ৰণালয়ে ছাইবাৰ চেল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সাহায্যৰে এই দেহসমূহ চিনাক্তকৰণৰ বাবে চেষ্টা চলাইছে।
কি কি ব্যৱস্থা লোৱা হ’ব দেহ চিনাক্তকৰণৰ বাবে? প্রশাসনৰ সূত্ৰই জনোৱা অনুসৰি আধাৰ কাৰ্ড বিশেষজ্ঞসকলক মৰ্গলৈ লৈ অনা হ’ব। তেওঁলোকে মৃতদেহৰ বাওঁহাতৰ আঙুলিৰ ছাপ লৈ দেহ চিনাক্তকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিব। বৰ্তমানলৈ ৬৫টা হাতৰ আঙুলিৰ ছাপ লোৱা হৈছে। কিন্তু এইদৰে হাতৰ আঙুলিৰ ছাপ লৈ মৃতদেহ চিনাক্তকৰণতো সমস্যাই দেখা দিছে। কাৰণ প্ৰায়সমূহ দেহৰেই ছাল ইতিমধ্যেই নষ্ট হৈ গৈছে। ফলত আঙুলিৰ চাপ লোৱাও সম্ভৱ হৈ উঠা নাই। এইক্ষেত্ৰত ‘ছিম কাৰ্ড ট্ৰায়াঙ্গুলেছন’ পদ্ধতিৰো সহায় লোৱা হ’ব। এই পদ্ধতিক ৰে’লৱেৰ ‘সঞ্চাৰ সাথী’ পদ্ধতিৰ সৈতে সংযোগ কৰি লোৱা হ’ব। দুৰ্ঘটনাৰ আগতে প্ৰায়সকলো যাত্ৰীৰেই ফোন নম্বৰ অনেই আছিল। দুৰ্ঘটনাৰ পাছতেহে ফোনসমূহ বন্ধ হৈছে। অৰ্থাৎ দুৰ্ঘটনাৰ আগলৈকে ছিমকাৰ্ডো সক্ৰিয় আছিল। সেয়ে ৰৈ যোৱা মৃতদেহসমূহ এতিয়া ‘ছিম কাৰ্ড ট্ৰায়াঙ্গুলেছন’ পদ্ধতিৰে চিনাক্ত কৰা হ’ব।
উল্লেখ্য যে কিছুদিন পূৰ্বে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘সঞ্চাৰ সাথী’ পদ্ধতি আৰম্ভ কৰিছে। তাত দুৰ্ঘটনাত পতিত লোকৰ মৃতদেহৰ ছবিৰ মাধ্যমেৰে ফোন নম্বৰ চিহ্নিত কৰিব পৰা যাব। ইয়াৰোপৰি হাতৰ আঙুলিৰ ছাপ লোৱাৰো ব্যৱস্থা আছে। আধাৰৰ মাধ্যমেৰে সেই দেহসমূহ চিনাক্ত কৰা হয়। বৰ্তমানলৈ মুঠ ৪৪ টা দেহ এই পদ্ধতিৰ জৰিয়তে চিনাক্ত কৰাত সফলো হৈছে ৰে’লবিভাগ। ছাইবাৰ বিশেষজ্ঞ প্ৰশান্ত ছাহুৱে এক সংবাদমাধ্যমক কয় যে, ‘সঞ্চাৰ সাথী’ পদ্ধতি ব্যৱহাৰ কৰি ৬৫টি দেহ চিনাক্তকৰণৰ কাম কৰা হৈছে। কিন্তু ৪৫ টা দেহ চিনাক্তকৰণৰ ক্ষেত্ৰত এই পদ্ধতি সফল হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ