অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ
অৰুণাচল প্ৰদেশ আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। পাছে ভোটগণনা শেষ নৌহওতেই অৰুণাচলত বিজেপিৰ ঐতিহাসিক বিজয়। ৬০ আসনৰ ভিতৰত ৩১ খন আসন লাভ কৰি বিজয় সাব্যস্ত বিজেপিৰ। আনহাতে চিকিমতো বিজয়ৰ দিশে বিজেপি।
১৯ এপ্ৰিলত দুয়োখন ৰাজ্যতে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অৰুণাচল প্ৰদেশৰ দুখন লোকসভা আসনৰ ভোটগণনা ৪ জুনতহে হ’ব। অৰুণাচল প্ৰদেশত ৬০খন বিধানসভা আসনৰ ভিতৰত ৫০খন আসনত ভোটগ্ৰহণ কৰা হৈছিল।
তাৰেই ভিতৰত বিজেপিৰ প্ৰাৰ্থীয়ে ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছিল। সেই ১০ আসনৰ এখন আসন আছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। পেমা খাণ্ডুৱেও বিনা প্ৰতিদ্বন্দ্বিতাই জয় লাভ কৰিছিল।
অৰুণাচল প্ৰদেশত বিজেপিয়ে এই পৰ্যন্ত ৩১ খন আসন লাভ কৰাৰ লগতে অন্য কেইবাখন আসনত আগবাঢ়ি আছে। ৬০ আসনৰ ভাতৰত ৩১ খনত জয় হোৱাত বিজেপিয়ে অৰুণাচলত ইতিমধ্যে শাসন লাভ কৰাৰ দৰে। ৪ খন আসনত আগবাঢ়ি থকা এন পি পিয়ে কেৱল এখন আসন লাভ কৰিছে।
আনহাতে ছিকিমৰ ৩২খন আসনৰ ভিতৰত ৩১খন আসনতে অগ্ৰগতি লাভ কৰি আছে বিজেপি সমৰ্থীত তথা মিত্ৰদল দল এছ কে এমে (Sikkim Krantikari Morcha)। বৰ্তমানলৈ ১৮খন আসনত জয়লাভ কৰা দলটো বাকী ১৩ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইতিমধ্যে এছ কে এম দলৰ নেতা তথা ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী ৰেনক সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছে। ইফালে এছ ডি এফে ৰাজ্যখনত এখন আসনত বিজয় সাব্যস্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ