অতিকে শোকাৱহ, IAS হোৱাৰ আশাৰে পুথিভঁৰালত পঢ়ি আছিল, তেনেতে পানী সোমাই আহি প্ৰাণ কাঢ়িলে ৩ ছাত্ৰীৰ
শনিবাৰে সন্ধিয়া মধ্য দিল্লীত এক অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। আই এ এছ বিষয়া হোৱাৰ সপোন সপোন হৈয়ে থাকি যায় ৩ ছাত্ৰৰ। পুথিভঁৰালত পঢ়ি থাকোতেই হঠাতে অহা পানীয়ে প্ৰাণ কাঢ়িলে ৩ ছাত্ৰী।
দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰ অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত এটা কোচিং চেণ্টাৰৰ ভৱনৰ বেছমেণ্ট পানীয়ে বুৰাই পেলোৱাত অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা তিনিগৰাকী ছাত্ৰৰ মৃত্যু হয়।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি সন্ধিয়া প্ৰায় ৭ বজাত ‘ৰাও আই এ এছ অধ্যয়ন কেন্দ্ৰ’ নামৰ কোচিং চেণ্টাৰটোৰ পৰা পানী জমা হোৱাৰ খবৰ পোৱা গৈছিল।
কেন্দ্ৰীয় দিল্লীৰ উপ আৰক্ষী আয়ুক্ত এম হৰ্ষ বৰ্ধনে সাংবাদিকৰ আগত কয়, ‘আমি সন্ধিয়া ৭ বজাত এখন কোচিং ইনষ্টিটিউটৰ বেছমেণ্টত পানী জমা হোৱাৰ তথ্য লাভ কৰিছিলো। ফোন কৰাজনে কয় যে তাত কিছু লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। আমি তদন্ত কৰি আছো যে কেনেকৈ গোটেই বেছমেণ্টটো পানীৰে ভৰি পৰিল।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, পানীৰ মাজত আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে সেই স্থানলৈ পাঁচখন অগ্নিনিৰ্বাপক নিবিদা প্ৰেৰণ কৰা হৈছে। বেছমেণ্টটো পানীৰে ভৰি পৰিছিল। বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে চলোৱা উদ্ধাৰ অভিযানত সেই স্থানৰ পৰা তিনিগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে মুখ্য সচিব নৰেশ কুমাৰক এই ঘটনাৰ তদন্ত আৰম্ভ কৰি ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আতিশিয়ে ‘এক্স’ত এটা পোষ্টত কয়, ‘এই ঘটনা কেনেকৈ সংঘটিত হ’ল তাৰ তদন্তৰ বাবে দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই ঘটনাৰ বাবে যিয়েই দায়ী তেওঁক ৰেহাই দিয়া নহ’ব।”
প্ৰাথমিক তদন্তত দেখা গৈছে যে বেছমেণ্টত এটা পুথিভঁৰাল আছিল, য’ত বহু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। বিষয়াসকলে জনোৱা মতে, হঠাতে বেছমেণ্টটো পানীৰে ভৰিবলৈ আৰম্ভ কৰে যাৰ বাবে আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই আনিবলৈ ৰছী ব্যৱহাৰ কৰা হয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, কোচিং চেণ্টাৰত পানী সোমোৱাৰ বাবে তাত ৰখা অন্য আচবাববোৰ ওপঙিবলৈ ধৰে আৰু ইয়াৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ