আহাৰৰ গুপ্ত নৱৰাত্ৰিত ৯ নিশা ধৰি মা দুৰ্গাৰ আৰাধনা কৰা হয়৷ এবছৰত মুঠ চাৰিবাৰ নৱৰাত্ৰি পালিত হয়৷ ইয়াৰ মাজত দুটা সাধাৰণ নৱৰাত্ৰি আৰু দুটা গুপ্ত নৱৰাত্ৰিষ সাধাৰণ নৱৰাত্ৰি হৈছে চ’ত নৱৰাত্ৰি যি বাসন্তী পূজা নামেৰেও পৰিচিত আৰু শাৰদীয় নৱৰাত্ৰি যি আমি শাৰদীয় দুৰ্গাপূজা হিচাপে পালন কৰো৷ গুপ্ত নৱৰাত্ৰি পালিত হয় মাঘ মাহ আৰু আহাৰ মাহত৷ গুপ্ত নৱৰাত্ৰিত প্ৰধানকৈ তন্ত্ৰসাধকে দশ মহাবিদ্যাৰ আৰাধনা কৰা হয়৷
আহাৰৰ গুপ্ত নৱৰাত্ৰি ২০২৫
বৈদিক পঞ্জিকা অনুসৰি বছৰৰ প্ৰথম নৱৰাত্ৰি হৈছে আহাৰৰ গুপ্ত নৱৰাত্ৰি৷ আহাৰ মাহৰ শুক্লপক্ষৰ প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত চলে নৱৰাত্ৰি৷
- নৱৰাত্ৰি আৰম্ভ হব ২৬ জুন ২০২৫ৰ পৰা৷
- নৱৰাত্ৰিৰ অৱসান ঘটিব ৪ জুলাই ২০২৫ত৷
- আহাৰৰ শুক্লা প্ৰতিপদ পৰিব ২৫ জুনৰ বিয়লি ৪বজাত৷
- প্ৰতিপদ তিথিৰ অৱসান ঘটিব ২৬ জুলাই দুপৰীয়া ১ বাজি ২৪ মিনিট পৰ্যন্ত
- উদয়া তিথি অনুসৰি ২৬ জুলাইৰ পৰা আৰম্ভ নৱৰাত্ৰি৷
- ঘট স্থাপনৰ শুভ সময় ২৬ জুলাইৰ পুৱা ৪ বাজি ৩৩ মিনিটৰ পৰা পুৱা ৬ বাজি ৫ মিনিটৰ ভিতৰত৷
- অভিজিৎ মুহূৰ্ত ২৬ জুলাইৰ পুৱা ১০ বাজি ৫৮ মিনিটৰ পৰা পুৱা ১১ বাজি ৫৩ মিনিট পৰ্যন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















