চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস
এইবেলি গ্ৰন্থৰ সুবাস বিচাৰি আপুনি চানমাৰীলৈ নহয়, খানাপাৰালৈহে যাব লাগিব। চানমাৰীৰ বাকৰি এৰি খানাপাৰলৈ স্থানান্তৰ হ’ল অসম গ্ৰন্থমেলা। এতিয়াৰে পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে উদুলি-মুদুলি নহয় চানমাৰীৰ পদুলি।
গ্ৰন্থপ্ৰেমী ৰাইজে এইবাৰ ঢপলিয়াব লাগিব খানাপাৰালৈ। ইতিমধ্যে খানাপাৰত এইবাৰৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে সকলো কাম কাজ সম্পূৰ্ণ হৈছে। চৰকাৰী ছীল-মোহৰ পৰিছে সকলো কাগজে পত্ৰই।
অহা ২৮ডিচেম্বৰৰ পৰা ১১জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এইবাৰৰ অসম গ্ৰন্থমেলা। প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক গোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থমেলাখনি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হব।
উল্লেখ্য যে, অসম গ্ৰন্থমেলাৰ স্থান সলনি হোৱাৰ ইংগিত যোৱা বছৰেই প্ৰদান কৰিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















