ডিজিটেল ডেস্কঃ নিজম পৰিল চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ। সামৰণি পৰিল তৃতীয় অসম গ্ৰন্থমেলা। প্ৰতিবাৰৰ দৰে এইবাৰো পাঠকৰ অভূতপূৰ্ব সহাৰি লাভ কৰিলে অসম গ্ৰন্থমেলাই। প্ৰায় ৫কোটি ৫৫লাখৰ গ্ৰন্থ বিক্ৰী গল এইবেলি অসম গ্ৰন্থমেলাত।
২৯ডিচেম্বৰৰ পৰা ৯জানুৱাৰীৰ লৈকে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনি উত্তৰ-পূবৰ লগতে চুবুৰীয়া কেইবাখনো দেশৰ প্ৰকাশক গোষ্ঠীয়েও অংশ লৈছিল। উল্লেখযোগ্য যে, অসম প্রকাশন পৰিষদ, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত গ্রন্থমেলাত এইবাৰ ১৩৫খন বিপনী আছিল।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে নতুন দিল্লীৰ বিশিষ্ট লেখক-সাংবাদিক ক্ৰমে দীপ হালদাৰ আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক,পৰিৱেশকৰ্মী মোহিত ৰয়ে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ