সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ
আজি ২৮ মে’ তাৰিখৰ কেবিনেট বৈঠকত লোৱা হয় এক অতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
থলুৱা, খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে দিয়া হ’ব মাৰণাস্ত্ৰৰ লাইচেঞ্চ। কেবিনেট বৈঠকৰ পাছতে সংবাদমেল যোগ এই গুৰুত্বপূৰ্ণ তথ্য সদৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
খিলঞ্জীয়া, থলুৱা লোকক সাহস দিবলৈ কেবিনেটৰ এই বিশেষ সিদ্ধান্ত। লগতে ৰাজ্যৰকোন কোন ঠাইক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব সেই বিষয়েও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চল- ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধিঙত খিলঞ্জীয়া লোকে পাব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। নগাঁও আৰু ৰূপহীহাটৰ খিলঞ্জীয়া লোকেও পাব এই অনুজ্ঞাপত্ৰ।
উদাৰভাৱে চৰকাৰে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। কিন্তু যিসকল লোক পূৰ্বৰে অপৰাধজনিত গোচৰত অভিযুক্ত তেওঁলোক এই ক্ষেত্ৰত বিফল হ’ব। তেঁওলোকে লাভ নকৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়াই নিজৰ ৰক্ষাৰ হেতু যুঁজ দিব পৰাকৈ এই সিদ্ধান্ত চৰকাৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















