জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে
ৰহস্যৰে ভৰি পৰিছে ঢকুৱাখনা কাণ্ড। কালি সুনীলৰ গগৈৰ বাসগৃহত উপস্থিত হৈ চি আই ডিৰ সোধপোচ। সুনীল গগৈৰ পত্নীক মাৰাথান জেৰা চিআইডিৰ। গগৈ সন্দৰ্ভত ক্লু বিচাৰি পাইছে চি আই ডিয়ে।
সুদীৰ্ঘ ৩৯ দিনৰ পিছত চি আই ডিৰ হাতত সুনীল গগৈ জীয়াই থকাৰ বিস্ফোৰক তথ্য, তথ্য লাভৰ পাছতে পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ ক’লে চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে।
“মৃতদেহটো সুনীলৰ নহয় জাহাংগীৰ, আপুনি বগা সাজ পিন্ধি থাকিব নালাগে” চিআইডিৰ আইজিপি সংযুক্তা পৰাশৰে এইদৰে কয় সুনীল গগৈৰ পত্নীক।
সুনীল গগৈৰ বাসগৃহত উপস্থিত চিআইডিৰ এটা বৃহৎ দলৰ সৈতে চিআইডিৰ আইজিপি সংযুক্ত পৰাশৰ। সুনীল গগৈৰ বাসগৃহৰ চোতালতে থকা জাহাংগীৰে বাস কৰা অস্থায়ী গৃহতো পুনৰ পৰ্যবেক্ষণ কৰে চিআইডিৰ দলটোৱে! সুনীলৰ পুত্ৰ সৌৰভ আৰু ভতিজাক জয়ন্ত গগৈ থানালৈ পুনৰ মাতি চিআইডি দলটো সুনীল গগৈৰ বাসগৃহৰ পৰা ওলাই যায়।
উল্লেখ্য যে বিগত ৩৯ দিন ধৰি সন্ধানহীন হৈ আছে ঢকুৱাখনাৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ। বিগত ১ জুনৰ পৰা সন্ধানহীন হৈ আছে সুনীল গগৈ। ১ জুনত সুনীল গগৈৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছিল এটা মুণ্ডহীন মৃতদেহ। সুনীল গগৈৰ মৃতদেহ বুলি পৰিয়ালে কৰিছিল শেষকৃত্য। পিছত DNA পৰীক্ষাত সুনীল গগৈৰ হৈ ৰাজমিস্ত্ৰী হিচাপে থকা জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি চিনাক্ত হয়।
যি ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল, মৃতদেহ যদি জাহাংগীৰৰ তেন্তে সুনীল গগৈ ক’ত, কোনে হত্যা কৰিলে জাহংগীৰক। সেই ঘটনাৰ দিনাৰ পৰাই সন্ধান নাছিল সুনীল গগৈৰ। সুনীল গগৈ সন্দৰ্ভত সোধাপোছা কৰাৰ বাবে আৰক্ষীয়ে ৯ দিন ধৰি ঢকুৱাখনা থানাত দৈনিক জেৰা কৰিছিল সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাক জয়ন্ত গগৈক। কিন্তু ইমান দিনে কতো কোনো শুংসূত্ৰ নাছিল সুনীলৰ ।
যাৰ বাবে আৰক্ষীয়ে সুনীল গগৈক পলাতক ঘোষণা কৰিছিল। আনকি সুনীল গগৈৰ সন্ধান দিওঁতালৈ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে। কিন্তু তথাপি লাভ কৰা নাছিল কোনো সন্ধান। অৱশেষত ৩৯ দিনৰ অন্তত সুনীল গগৈৰ ক্লু লাভ কৰে চি আই ডিয়ে। ক্লু লাভৰ পাছতে গগৈৰ বাসগৃহত উপস্থিত হয় আৰু পুনৰ পত্নী-পুত্ৰ-ভতিজাকক সোধপোচ কৰে। এতিয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ঘটানাৰ অধিক তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















