অসম লাইভ ২৪ঃ বিদ্যুতৰ গ্ৰাহকসকলৰ বাবে ৰাজ্যৰ শক্তি বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। শেহতীয় নিৰ্দেশনা অনুসৰি, গ্ৰাহকৰ নিয়মীয়া বিদ্যুত যোগানৰ বাবে নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অন্যথা সাময়িকভাৱে বিচ্ছিন্ন কৰিব বিদ্যুৎ সংযোগ। গ্ৰাহকসকলক শীঘ্ৰেই তথ্য দাখিল কৰিবলৈ আহ্বান জনায় শক্তিমন্ত্ৰী বিমল বড়াই। তথ্য জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুলাই। ব্যক্তিৰ নাম, কমজ্যুমাৰ নম্বৰ, মোবাইল নম্বৰ, আধাৰ কাৰ্ড, ই-মেইল আইডি আৰু জীৱিকা সন্দৰ্ভত দাখিল কৰিব তথ্য। ৰাজ্যৰ মুঠ ৬৪ লাখ গ্ৰাহকৰ অধিকসংখ্যকেই তথ্য জমা দিয়া নাই চৰকাৰক। তেনেক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে শক্তিবিভাগ। সেয়ে গ্ৰাহকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শক্তিবিভাগে ।
তথ্যসমূহ অনলাইন আপডেট কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে জানি লওঁক-
- APDCLৰ নিজা ৱেবছাইটত www.apdcl.org লগ ইন কৰক
- সেই পেজৰ upload mobile number টেবলৈ গৈ ক্লিক কৰক। তেতিয়া এখন নতুন পেজ ওলাব।
- তাৰ consumer no অপছনত আপোনাক কনজ্যুমাৰ নম্বৰ ভৰাওঁক। তেতিয়া আপোনাৰ কি ক তথ্য APDCLৰ ওচৰত আছে, সেয়া ডিচপ্লে’ হ’ব।
- খালী স্থানসমূহত ( যেনে মোবাইল নম্বৰ, আধাৰ নম্বৰ আদি) তথ্যসমূহ ভৰাওঁক।
- যদি কিবা তথ্য ভুল হৈ আছে তেন্তে ‘এডিট’ কৰি শুদ্ধ তথ্য দিয়ক।
- তাৰ পাছত submit বুটামটো টিপক।
- এইবাৰ আপোনাৰ মোবাইল ফোনলৈ এটা otp যাব।
- otp টো ভৰাই verify কৰিলে আপোনাৰ কাম সম্পূৰ্ণ হ’ব।
উল্লেখ্য, কোনো ব্যক্তিয়ে অনলাইনযোগে এই কাম কৰিবলৈ সমস্যাৰ সন্মুখীন হ’লে তথ্যসমূহ কাগজত লিখি নিজৰ বৈদ্যুতিক উপ-মণ্ডলৰ কাৰ্যালয়ত জমা দিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ