কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ
আজি ৪ এপ্ৰিল তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেট বৈঠকৰ পাছতে সংবাদমেলৰ আয়োজন কৰি জনতাক দিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষা আৰু কোচ ৰাজবংশীলৈ আহিল বিশেষ খবৰ।
আৰম্ভণীতেই দিয়ে স্বাস্থ্য সন্দৰ্ভত বিশেষ খবৰ। মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ঔষধৰ ব্যৱস্থা। ইয়াৰ বাবে স্বাস্থ্য বিভাগত এখন ৯০ কোটি টকাৰ অনুমোদন পত্ৰ দাখিল কৰে।
অসমৰ মথাউৰি সন্দৰ্ভতো বিশেষ খবৰ। পুৰণা মথাউৰি বা বেয়া হৈ যোৱা মথাউৰিবোৰ সঘনাই চৰকাৰে নিজে চাই থকাটো কিছু সমস্যা হয়, সেয়ে মথাউৰি বোৰৰ প্ৰতি ১০ৰ পৰা ১২ কিলোমিটাৰ চোৱা চিতাৰ বাবে একোটা যুৱ বাহিনী গঠন কৰিব। য’ত থাকিব ১৫ গৰাকী ডেকা ল’ৰা।
এই যুৱ বাহিনীয়ে এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে মথাউৰি নিৰিক্ষণ কৰিব। ইয়াৰ গুৰু দায়িত্ব থাকিব নিকট জলসম্পদ বিভাগৰ লোক। মথাউৰি চোৱাচিতাৰ বাবে যুৱক সকলক গাম বুট, টৰ্চ লাইট, ৰেইনকোট, জিঅ বেগ, কোৰ আদি যোগান ধৰিব। এই সকলো কাম স্বেচ্ছা সেৱক হিচাপে কাম কৰিব , ইয়াৰ বাবে যুৱক সকলক অক্টোবৰ মাহৰ পাছত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত বিশেষ প্ৰশংসা পত্ৰ দিয়া হব।
জাগিৰোডত চিপ কনডাক্টৰ প্ৰজেক্টৰ সমীপত থকাৰ সুবিধা হোৱাকৈ মহিলা কৰ্মচাৰীৰ বাবে ১০০০ আসন যুক্ত ৱৰ্কিং ৱমেন হোষ্টেল নিৰ্মাণ কৰাৰ বাবে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে ১২০ কোটি টকা অনুমোদন জনায়।
পাছে ইয়াৰ বাহিৰে আজিৰ ৰাজ্য চৰকাৰৰ কেবিনেট গ্ৰহণ কৰা ৩ টা বিশেষ সিদ্ধান্ত হৈছে-
প্ৰথমটো- অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে ২ শতাংশ মৰগীয়া বানচ ঘোষণা। ১.০১.২০২৫ ৰ পৰা কাৰ্যকৰী হব এই সিদ্ধান্ত। বিহুৰ আগতে পোৱা দৰমহাত এই বানচ যোগ কৰা হব।
দ্বিতীয়তে- অহা প্ৰথম বহাগ তথা ১৫ এপ্ৰিল ততা ১ বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰাঞ্চফাৰ অৰ্ডাৰ, গাইডলাইন, পোষ্টাৰ, ৰেগুলেছন, নটিফিকেচন আদি চৰকাৰী নথি ওলাব সেই সকলোতে ইংৰাজীৰ লগতে অসমীয়া ভাষাও থাকিব। ইয়াৰ উপৰি বৰাক উপত্যকাত ইংৰাজী, অসমীয়াৰ লগতে বঙালী আৰু বিটিআৰত বড়ো ভাষা থাকিব।
তৃতীয়তে কোঁচ ৰাজবংশীসকলক লৈ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত, কোঁচ ৰাজবংশীসকলৰ সকলো বিদেশীৰ গোচৰ প্ৰত্যাহাৰ। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। ২৮ হাজাৰ লোকৰ ওপৰৰ পৰা বিদেশীৰ লেবেল আঁতৰিল বুলিও ঘোষণা কৰে। কোঁচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা D ভোটাৰ নাথাকিব। দীৰ্ঘদিন ধৰি কোঁচ ৰাজবংশীসকলে বহু কষ্ট কৰি আছিল। অৱশেষত আজি কেবিনেটত এই সিদ্ধান্ত লোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ