আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা। ৰাজ্য চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা এই বঁটাসমূহ বিয়লি কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব। ৰাজ্যপাল জগদীশ মুখীয়ে চৰকাৰৰ হৈ এই বঁটা সমূহ প্ৰদান কৰিব। সমাজ জীৱনৰ বাটকটীয়াসকলক অসম চৰকাৰে আজি প্ৰদান কৰিব সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা। প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। উদ্যোগপতি ৰতন টাটালৈ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে। অসম সৌৰভ সন্মান আগবঢ়োৱা হৈছে ড০ কমলেন্দু দেব ক্ৰোৰী, লক্ষ্মণন এছ, দীপক চান্দ জৈন, লাভলীনা বৰগোহাঁই, নীলপবন বৰুৱালৈ। অসম গৌৰৱেৰে সন্মানিত হ’ব মুণিন্দ্ৰ নাথ ঙাটে, ডাঃ বসন্ত হাজৰিকা, আকাশ জ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, খৰছিং তেৰাং, ববি হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বাৰ্মিতা মমিন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো, ডাঃ আছিফ ইকবাললৈ। বিয়লি ৩ বজাৰ পৰা কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ