অতিকে নিদাৰুণ, আজি পৰ্যন্ত সন্ধান নাই নলাত নিখোজ হোৱা শিশুটিৰ, নলাই নলাই সন্ধান পিতৃৰ
৪ জুলাই বৃহস্পতিবাৰৰ নিশাৰ মূষলধাৰ বৰষুণজাক কাল হৈ নামিছিল জ্যোতিনগৰৰ এটা পৰিয়ালৰ বাবে। পিতৃৰ সৈতে স্কুটাৰত ঘৰলৈ উভতি গৈ থকাৰ সময়তে সংঘটিত হয় সেই অতিকে কৰুণ তথা হৃদয়বিদাৰক ঘটনাটো। যি ঘটনাই কেৱল গুৱাহাটী বাসীকে এতিয়া মৃয়মান কৰি তোলা নাই সমগ্ৰ ৰাজ্যবাসীয়ে মৃয়মান।
মানসিক স্থিতি হেৰুৱাই পেলোৱাৰ দৰে অৱস্থা পিতৃৰ। নাখাই নবৈ বৃহস্পতিবাৰ পৰা অহৰহ কেৱল পুত্ৰৰ সন্ধানতে নামি পৰিছে পিতৃ। SDRFৰ বহিনীয়েও সন্ধান কাৰ্য চলাই আছে। পাছে আজি শনিবাৰ পৰ্যন্ত কতো কোনো সন্ধান নাই ৮ বছৰীয়া অবিনাশ সৰকাৰৰ।
বৃহস্পতিবাৰে পিতৃৰ সৈতে দোকানলৈ বুলি ওলাই আহিছিল অবিনাশ। তেনেতে আৰম্ভ হয় বৰষুণ। পাছলৈ বৰষুণৰ মাত্ৰা বাঢ়ি যায়। স্কুটাৰত পিতৃ-পুত্ৰ দুয়ো ঘৰলৈ বুলি ৰাওনা হয়। কিন্তু পাহাৰীয়া ৰাস্তা পিছল হৈ থকাৰ বাবে হঠাতে বাহন ৰৈ যায় আৰু পিছৰ চিটত বহি থকা অবিনাশ ৰাস্তাৰ কাষৰ নলাত পৰি যায়।
পাহাৰৰ পৰা নামি অহা পানীৰ কোবাল সোঁতে মুহুৰ্ততে উটুৱাই নিয়ে শিশু অবিনাশক। সন্তানৰ উদ্ধাৰৰ বাবে লগে লগে পিতৃয়েও নলাত জাপ দিয়ে। কিন্তু পিতৃৰ চকুৰ সমুখতে নোহোৱা হৈ যায় অবিনাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ