অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল
আজি ৩০ এপ্ৰিল তাৰিখে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। এইবাৰ ফলাফলত দেখা পোৱা গল ২০২৪বৰ্ষৰ তুলনাত তিনিওটা শাখাতে উৰ্ত্তীণৰ হাৰ ২০২৫বৰ্ষত হ্ৰাস পাইছে।
কলা শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.৩৬শতাংশ। ২০২৫বৰ্ষত সেই উৰ্ত্তীণৰ হাৰ ৭.৩৩শতাংশ হ্ৰাস পালে। ২০২৫বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ।
বিজ্ঞান শাখাতো ২৪ৰ তুলনাত ২০২৫বৰ্ষত উৰ্ত্তীণৰ হাৰ ৫শতাংশ হ্ৰাস পাইছে। ২০২৪বৰ্ষত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৮৯.৮৮শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয়গৈ ৮৪.৮৮শতাংশ।
বাণিজ্য শাখাতো ৬শতাংশ অধিক উৰ্ত্তীণৰ হাৰ ২০২৪বৰ্ষৰ তুলনাত হ্ৰাস পাইছে। বাণিজ্য শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৭.৬৬শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয় ৮২.১৮শতাংশ।
পাছে এই সকলোবোৰৰ বিপৰীতে উন্মোচিত হৈছে এক অন্য দিশ। যি জিলা পূৰ্বে উত্তীৰ্ণৰ ফালৰ পৰা নিম্ন স্থানত আছিল, সেই জিলাই এইবাৰ ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত উপনীত হৈছে।
বিজ্ঞান শাখাৰ শীৰ্ষত এইবাৰ পাহাৰীয়া ৰাজ্য কাৰ্বি আংলং জিলা। সম্পূৰ্ণ ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত উঠে জিলাখন। ৯৭.১৩ উত্তীৰ্ণৰে দ্বিতীয়ত শিৱসাগৰ, লগতে ৯৫.৬৬ শতাংশ উত্তীৰ্ণৰে তৃতীয়ত বাক্সা।
কলা শাখাৰ শীৰ্ষত বাক্সা জিলা, ৯৪.২১ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বাক্সা। দ্বিতীয় স্থানত ৯৩.৮২ শতাংশৰে দৰং আৰু ৯০.৭৮ শতাংশৰে তৃতীয়ত শিৱসাগৰ জিলা।
বাণিজ্য শাখাৰ শীৰ্ষত ১০০ শতাংশ উত্তীৰ্ণৰে দক্ষিণ শালমৰা। ৯৮.২০ শতাংশ উত্তীৰ্ণৰে দ্বিতীয়ত বাক্সা জিলা আৰু ৯৮.১৫ শতাংশৰে তৃতীয়ত দৰং জিলা জিলিকি উঠে।
পাছে এই সকলোবোৰৰ ভিতৰতে বিশেষভাৱে উজলি উঠে বাক্সা। যি বাক্সাত পূৰ্বে উত্তীৰ্ণৰ হাৰ একেবাৰে নিম্ন আছিল, সেই বাক্সা জিলাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলেৰে উজলি উঠে। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাতে বাক্সা জিলা ছাত্ৰ-ছাত্ৰীয়ে দেখুৱাইছে চমকপ্ৰদক ফল। ৯৪.২১ শতাংশ উত্তীৰ্ণৰে কলা শাখাৰ শীৰ্ষত, ৯৫.৬৬ শতাংশ উত্তীৰ্ণৰে বিজ্ঞানৰ তৃতীয়ত আৰু ৯৮.২০ শতাংশ উত্তীৰ্ণৰে বাণিজ্যৰ ৰাজ্যৰ ভিতৰত দ্বিতীয়ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















