• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক

লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক

1 year ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

16 minutes ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

60 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

13 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

13 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

13 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

14 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

14 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

15 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

15 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

16 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

17 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক

editor by editor
April 30, 2025
in ক্ৰীড়া, ভাৰত, লেখা
0
লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক
0
SHARES
897
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিগন্ত ওজাৰ কলমেৰে –

লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ। যেন কুৰুক্ষেত্ৰ ৰণৰ চক্ৰবেহুৰ মাজত সপ্তৰথীৰ শক্তিশেলৰ বিৰুদ্ধে দুৰ্দম্য অভিমন্যু।

পাৰ্থক্য এটাই। কুৰুক্ষেত্ৰ ৰণৰ ত্ৰয়োদশ দিৱসত ষোল্ল বছৰীয়া অৰ্জুনতনয় আছিল নিঃসংগ। ২০২৫ৰ ২৮ এপ্ৰিলৰ জয়পুৰত ১৪ বছৰীয়া ‘অভিমন্যু’ৱে সংগী হিচাপে পাইছিল যশস্বী নামৰ আন এক সাহসী যোদ্ধা।

৪০ বলত ৭০ ৰান—১৭৫ ষ্ট্ৰাইক ৰে’ট। জয়ছোৱালৰ এই ইনিংছটো সংবাদ মাধ্যমত চৰ্চিত হ’বই লাগিছিল। কিম্বা অধিনায়ক ৰিয়ানৰ দ্ৰুত ৰানবন্যা। কিন্তু সেই সকলো সম্ভাৱনা তছনছ হৈ গ’ল ১৪ বছৰীয়া কিশোৰৰ ৩৫ বলৰ এক প্ৰলয়-নৃত্যত।

ট্ৰয়ৰ ধ্বংসলীলাৰ বাবেই সৃষ্টি হৈছিল হোমাৰৰ ইলিয়াদ। মহাকবিৰ অনুসৰণত সংগীতৰ অমৰ সুৰ সৃষ্টিৰ লক্ষ্যেৰে হেনো নিৰোৱে জ্বলাই দিছিল প্ৰাচীন ৰোম। অমৰ সৃষ্টিকৰ্মৰ সৈতে ধ্বংসৰ দাবানলৰ সম্পৰ্কসূত্ৰ টানি নিশ্চয় আশা কৰিব পাৰি— জয়পুৰৰ ‘সূৰ্য’দাহনক লৈ অনাগত দিনত সৃষ্টি হ’ব সাহিত্যৰ নতুন ‘বৈভৱ’।

ক্ৰিকেটৰ বৈভৱ কিন্তু ইয়াৰ মাজতেই জাজ্বল্যমান।  বৈভৱ সূৰ্যবংশী।

ভাবিব পাৰি ? আইচক্ৰিম খাই ভাল পোৱা বয়সৰ এজন কিশোৰৰ বেটেৰে নিৰন্তৰ বৰষিব অগ্নি-স্ফুলিংগ !

ফেচ কৰা মহম্মদ ছিৰাজৰ প্ৰথম দুটা বল আছিল ৱাইড। বিশ্বখ্যাত সেই পেচ বলাৰৰ বিৰুদ্ধে দ্বিতীয়টো লিগেল বলক ডাউন দ্য গ্ৰাউণ্ড হিট— ফলাফল ষ্ট্ৰেইট ছিক্স। মাজত ৩৪টা লিগেল বল। আৰু খ্যাতিমান আফগান যোদ্ধা ৰচিদ খানক পুল কৰি মিডউইকেট বাউণ্ডেৰীৰ বাহিৰলৈ যেতিয়া পঠিয়াই দিলে, জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামৰ কোনোখন আসনত কোনো বহি থাকিব পৰা নাছিল।

অবাক-বিমুগ্ধতাৰ সৈতে আনন্দ-শিহৰণৰ অন্বয়কাৰী এনে ইনিংছ জীৱদ্দশাত স্বচক্ষে দেখাৰ পৰম ভাগ্যযে ঈশ্বৰে সকলোকে নিদিয়ে ! অসম্ভৱ সংযমৰ বাবে বিশ্বখ্যাত দ্ৰাবিড়েও শিষ্যৰ এইহেন প্ৰদৰ্শনক আদৰিবৰ বাবে ডাগ আউটত দুভৰিত ভৰ দিয়াৰ সময়ত পাহৰি গৈছিল যে তেওঁ হুইল চেয়াৰত বন্দী।

বৈভৱ সূৰ্যবংশী নামৰ কিশোৰটিৰ যেতিয়া জন্ম, তেতিয়া IPLৰ বয়স চাৰি বছৰ মাত্ৰ । IPLৰ যেতিয়া ১৮ বছৰ, বিশ্বই দেখিলে ক্ৰিকেটৰ অপূর্ব বৈভৱ।

অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক— পাৱাৰপ্লে’ত যদি ২০ বলত ৫২, পৰৱৰ্তী ১৮ বলত ৪৯। বৈভৱে টি২০ত পাৱাৰপ্লে’ৰ প্ৰয়োজনীয়তাক লৈয়েই প্ৰত্যাহ্বান জনোৱা নাইনে?

ইশ্বান্ত শৰ্মা নামৰ ১৯ বছৰীয়া বলাৰজনে জীৱনৰ চতুর্থখন টেষ্টত ৰিকি পণ্টিঙক যেতিয়া অবিস্মৰণীয়ভাৱে ব্যতিব্যস্ত কৰি তুলিছিল, তেতিয়া বৈভৱ নামৰ সন্তানটি ধৰাপৃষ্ঠত উপজিবলৈ আছিল ১,১৬৩ দিন বাকী।

২৮ এপ্ৰিলত সেই ইশ্বান্তৰ সৈতে মুখামুখি হোৱা বলকেইটিক ক্ৰিকেটৰ খুদমানি ৰাজকোঁৱৰে কৰা সম্ভাষণ : ১, ৬, ৬, ৪, ০, ৬, (ৱাইড, ৱাইড,) ৪ ৷

১৯৮৯ৰ ১৬ ডিচেম্বৰত আব্দুল কাদিৰৰ নামৰ সৈতে থকা বিশ্বশ্ৰেষ্ঠ লেগস্পিনাৰৰ বিশেষণক প্ৰত্যাহ্বান জনাই তেওঁৰ এক অভাৰত ২৭ ৰান তুলিছিল শচীন নামৰ এক ১৬ বছৰীয়া ভাৰতীয় কিশোৰে। বিশ্বৰ এই সময়ৰ সৰ্বশ্ৰেষ্ঠ লেগস্পিনাৰৰূপে খ্যাত ৰছিদ খানক বৈভৱে যিদৰে খেলিলে তাৰ আধাৰত তেওঁৰ মাজত বাৰু দেখা গৈছে নেকি শচীনৰ প্ৰচ্ছায়া?

১৯৮৩ৰ পৰা ছৱাই মানসিং ষ্টেডিয়ামে অনেক দেখিছে। কিন্তু বৈভৱৰ মাজত যি দেখা গ’ল সেয়া আক্ষৰিক অর্থতেই স্ৰজন আৰু বিনাশনৰ অপূৰ্ব সমলয়। সেয়াই মহাদেৱৰ সৃষ্টি-স্থিতি-লয়ৰ সমন্বিত নটৰাজ নৃত্য ৷ নে সূৰ্ববংশীৰ বেটৰ পৰা নির্গত হ’ল সৌৰ ধুমুহা— যি ক্ৰিকেটক বৰ্ণিল কৰি তুলিলে অপৰূপ মেৰুজ্যো্তিৰে?

পহলগামৰ শোকৰ পৰা ভাৰতবাসীক সাময়িক সকাহ দিবলৈ জয়পুৰত ক্ৰিকেট দেৱতাই এই চিত্ৰনাট্য ৰূপায়ণেৰে বিশ্বৰ অৰ্বুদ ক্ৰিকেটপ্ৰাণৰো মন পৰিপূৰ্ণ কৰি তোলাৰ পৰত অৱশ্যেই ব্যক্তিগতভাৱে মোৰ এক অপূৰ্ণতা ৰৈ গ’ল।

টনি গ্ৰেইগ নামৰ সেই কিম্বদন্তি কমেণ্টেটৰগৰাকীয়ে বৈভৱক দিব পৰা অপূৰ্ব বিশেষণসমূহৰ পৰা আমাৰ দৰে শব্দহীনসকল যে বঞ্চিত!

[পুশ্বাংশ— বৈভৱ মুখামুখি হোৱা বলকেইটা : ৱাইড, ৱাইড, ০, ৬, ১, ০, ১, ০, ১, ৬, ৬, ৪, ০, ৬, ৱাইড, ৱাইড, ৪, ৬, ০, ৬, ৪, ০, ০, ১, ০, ০ (১ লেগবাই), ১, ০, ৬, ০, ৪, ১, ৬, ৪, ৬, ৪, ৪, ৬, ৬, ১, ০, আউট]

লেখক- দিগন্ত ওজা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshicricketFastest 100
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু
জীৱনশৈলী

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

September 7, 2026
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ
জীৱনশৈলী

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

September 7, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

September 6, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
Next Post
ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.