দিগন্ত ওজাৰ কলমেৰে –
লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ। যেন কুৰুক্ষেত্ৰ ৰণৰ চক্ৰবেহুৰ মাজত সপ্তৰথীৰ শক্তিশেলৰ বিৰুদ্ধে দুৰ্দম্য অভিমন্যু।
পাৰ্থক্য এটাই। কুৰুক্ষেত্ৰ ৰণৰ ত্ৰয়োদশ দিৱসত ষোল্ল বছৰীয়া অৰ্জুনতনয় আছিল নিঃসংগ। ২০২৫ৰ ২৮ এপ্ৰিলৰ জয়পুৰত ১৪ বছৰীয়া ‘অভিমন্যু’ৱে সংগী হিচাপে পাইছিল যশস্বী নামৰ আন এক সাহসী যোদ্ধা।
৪০ বলত ৭০ ৰান—১৭৫ ষ্ট্ৰাইক ৰে’ট। জয়ছোৱালৰ এই ইনিংছটো সংবাদ মাধ্যমত চৰ্চিত হ’বই লাগিছিল। কিম্বা অধিনায়ক ৰিয়ানৰ দ্ৰুত ৰানবন্যা। কিন্তু সেই সকলো সম্ভাৱনা তছনছ হৈ গ’ল ১৪ বছৰীয়া কিশোৰৰ ৩৫ বলৰ এক প্ৰলয়-নৃত্যত।
ট্ৰয়ৰ ধ্বংসলীলাৰ বাবেই সৃষ্টি হৈছিল হোমাৰৰ ইলিয়াদ। মহাকবিৰ অনুসৰণত সংগীতৰ অমৰ সুৰ সৃষ্টিৰ লক্ষ্যেৰে হেনো নিৰোৱে জ্বলাই দিছিল প্ৰাচীন ৰোম। অমৰ সৃষ্টিকৰ্মৰ সৈতে ধ্বংসৰ দাবানলৰ সম্পৰ্কসূত্ৰ টানি নিশ্চয় আশা কৰিব পাৰি— জয়পুৰৰ ‘সূৰ্য’দাহনক লৈ অনাগত দিনত সৃষ্টি হ’ব সাহিত্যৰ নতুন ‘বৈভৱ’।
ক্ৰিকেটৰ বৈভৱ কিন্তু ইয়াৰ মাজতেই জাজ্বল্যমান। বৈভৱ সূৰ্যবংশী।
ভাবিব পাৰি ? আইচক্ৰিম খাই ভাল পোৱা বয়সৰ এজন কিশোৰৰ বেটেৰে নিৰন্তৰ বৰষিব অগ্নি-স্ফুলিংগ !
ফেচ কৰা মহম্মদ ছিৰাজৰ প্ৰথম দুটা বল আছিল ৱাইড। বিশ্বখ্যাত সেই পেচ বলাৰৰ বিৰুদ্ধে দ্বিতীয়টো লিগেল বলক ডাউন দ্য গ্ৰাউণ্ড হিট— ফলাফল ষ্ট্ৰেইট ছিক্স। মাজত ৩৪টা লিগেল বল। আৰু খ্যাতিমান আফগান যোদ্ধা ৰচিদ খানক পুল কৰি মিডউইকেট বাউণ্ডেৰীৰ বাহিৰলৈ যেতিয়া পঠিয়াই দিলে, জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামৰ কোনোখন আসনত কোনো বহি থাকিব পৰা নাছিল।
অবাক-বিমুগ্ধতাৰ সৈতে আনন্দ-শিহৰণৰ অন্বয়কাৰী এনে ইনিংছ জীৱদ্দশাত স্বচক্ষে দেখাৰ পৰম ভাগ্যযে ঈশ্বৰে সকলোকে নিদিয়ে ! অসম্ভৱ সংযমৰ বাবে বিশ্বখ্যাত দ্ৰাবিড়েও শিষ্যৰ এইহেন প্ৰদৰ্শনক আদৰিবৰ বাবে ডাগ আউটত দুভৰিত ভৰ দিয়াৰ সময়ত পাহৰি গৈছিল যে তেওঁ হুইল চেয়াৰত বন্দী।
বৈভৱ সূৰ্যবংশী নামৰ কিশোৰটিৰ যেতিয়া জন্ম, তেতিয়া IPLৰ বয়স চাৰি বছৰ মাত্ৰ । IPLৰ যেতিয়া ১৮ বছৰ, বিশ্বই দেখিলে ক্ৰিকেটৰ অপূর্ব বৈভৱ।
অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক— পাৱাৰপ্লে’ত যদি ২০ বলত ৫২, পৰৱৰ্তী ১৮ বলত ৪৯। বৈভৱে টি২০ত পাৱাৰপ্লে’ৰ প্ৰয়োজনীয়তাক লৈয়েই প্ৰত্যাহ্বান জনোৱা নাইনে?
ইশ্বান্ত শৰ্মা নামৰ ১৯ বছৰীয়া বলাৰজনে জীৱনৰ চতুর্থখন টেষ্টত ৰিকি পণ্টিঙক যেতিয়া অবিস্মৰণীয়ভাৱে ব্যতিব্যস্ত কৰি তুলিছিল, তেতিয়া বৈভৱ নামৰ সন্তানটি ধৰাপৃষ্ঠত উপজিবলৈ আছিল ১,১৬৩ দিন বাকী।
২৮ এপ্ৰিলত সেই ইশ্বান্তৰ সৈতে মুখামুখি হোৱা বলকেইটিক ক্ৰিকেটৰ খুদমানি ৰাজকোঁৱৰে কৰা সম্ভাষণ : ১, ৬, ৬, ৪, ০, ৬, (ৱাইড, ৱাইড,) ৪ ৷
১৯৮৯ৰ ১৬ ডিচেম্বৰত আব্দুল কাদিৰৰ নামৰ সৈতে থকা বিশ্বশ্ৰেষ্ঠ লেগস্পিনাৰৰ বিশেষণক প্ৰত্যাহ্বান জনাই তেওঁৰ এক অভাৰত ২৭ ৰান তুলিছিল শচীন নামৰ এক ১৬ বছৰীয়া ভাৰতীয় কিশোৰে। বিশ্বৰ এই সময়ৰ সৰ্বশ্ৰেষ্ঠ লেগস্পিনাৰৰূপে খ্যাত ৰছিদ খানক বৈভৱে যিদৰে খেলিলে তাৰ আধাৰত তেওঁৰ মাজত বাৰু দেখা গৈছে নেকি শচীনৰ প্ৰচ্ছায়া?
১৯৮৩ৰ পৰা ছৱাই মানসিং ষ্টেডিয়ামে অনেক দেখিছে। কিন্তু বৈভৱৰ মাজত যি দেখা গ’ল সেয়া আক্ষৰিক অর্থতেই স্ৰজন আৰু বিনাশনৰ অপূৰ্ব সমলয়। সেয়াই মহাদেৱৰ সৃষ্টি-স্থিতি-লয়ৰ সমন্বিত নটৰাজ নৃত্য ৷ নে সূৰ্ববংশীৰ বেটৰ পৰা নির্গত হ’ল সৌৰ ধুমুহা— যি ক্ৰিকেটক বৰ্ণিল কৰি তুলিলে অপৰূপ মেৰুজ্যো্তিৰে?
পহলগামৰ শোকৰ পৰা ভাৰতবাসীক সাময়িক সকাহ দিবলৈ জয়পুৰত ক্ৰিকেট দেৱতাই এই চিত্ৰনাট্য ৰূপায়ণেৰে বিশ্বৰ অৰ্বুদ ক্ৰিকেটপ্ৰাণৰো মন পৰিপূৰ্ণ কৰি তোলাৰ পৰত অৱশ্যেই ব্যক্তিগতভাৱে মোৰ এক অপূৰ্ণতা ৰৈ গ’ল।
টনি গ্ৰেইগ নামৰ সেই কিম্বদন্তি কমেণ্টেটৰগৰাকীয়ে বৈভৱক দিব পৰা অপূৰ্ব বিশেষণসমূহৰ পৰা আমাৰ দৰে শব্দহীনসকল যে বঞ্চিত!
[পুশ্বাংশ— বৈভৱ মুখামুখি হোৱা বলকেইটা : ৱাইড, ৱাইড, ০, ৬, ১, ০, ১, ০, ১, ৬, ৬, ৪, ০, ৬, ৱাইড, ৱাইড, ৪, ৬, ০, ৬, ৪, ০, ০, ১, ০, ০ (১ লেগবাই), ১, ০, ৬, ০, ৪, ১, ৬, ৪, ৬, ৪, ৪, ৬, ৬, ১, ০, আউট]
লেখক- দিগন্ত ওজা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ