অসম লাইভ২৪ঃ বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল দৰা। বৰমালা পিন্ধিয়েই পোনে পোনে থানালৈ দৰা। ঘটনাটো নগাওঁৰ ৰূপহীহাটৰ। বিয়া পাতিবলৈ গৈ থানাৰ অতিথি হোৱা যুবকজনৰ নাম হৈছে উবাদুৰ ইছলাম৷ ২১ বছৰীয়া উবাদুৰক কিয় আটক কৰিছে আৰক্ষীয়ে? ৰূপহীহাট আৰক্ষীয়ে দক্ষিণ খাতোৱালৰ পৰা উবাদুৰক কৰায়ত্ব কৰি থানালৈ আনে৷ দক্ষিণ খাতোৱালৰ আব্দুল কালামৰ বাসগৃহত উবাদুৰে এগৰাকী ১৮ বছৰৰ তলৰ কিশোৰীক বিয়া কৰাবলৈ গৈছিল৷ আৰক্ষীয়ে সেই তথ্য লাভ কৰি অভিযান চলাই৷ ঘটনাস্থলীৰ পৰা দৰা উবাদুৰক কৰায়ত্ব কৰে৷ লগতে দুই সহযোগীকো আটক কৰে আৰক্ষীয়ে৷
উবাদুৰক সহযোগ কৰাৰ অভিযোগত আটক কৰা আন দুজন যুবকৰ নাম হৈছে গুলজাৰ হুছেইন আৰু ৰফুল আমিন৷ গুলজাৰৰ ঘৰ দক্ষিণ খাটোৱালত আৰু ৰফুলৰ ঘৰ জুৰীয়া মাৰিপাৰত৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৯/১০/১১ অধীনত ৪৩/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তক আদালতত হাজিৰ কৰোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ