অসম লাইভ ২৪ঃ ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ দীৰ্ঘসময় ধৰি বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে যুৱকজনৰ বিৰুদ্ধে। প্ৰৱঞ্চনাৰ টকাৰে শৰীৰৰ ওজনৰ প্ৰায় সমান পৰিমাণৰ সোণ পিন্ধে কুখ্যাত প্ৰৱঞ্চক মৃদুপৱন নেওঁগে৷ মৃদুপৱনক বিচাৰি শনিবাৰে কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলায় অভিযান। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্ৰ। নিজৰ বিলাসী বাহনত Govt of India লিখি ৰাখে প্ৰৱঞ্চক মৃদুপৱনে৷ নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে মৃদুপৱন নেওঁগে৷ আৰক্ষীৰ অভিযানৰ উমান পাই বাসগৃহৰ পৰা পলায়ন কৰে প্ৰৱঞ্চক নেওঁগে৷ আৰক্ষীৰ অভিযানকালত মৃদুপৱন নেওঁগৰ বাসগৃহত উদ্ধাৰ হৈছে যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ, পিষ্টল, গুলী, ভিজিটিং কাৰ্ড, ষ্টাম্প পেপাৰ আদি। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা পইণ্ট ৩২এম এম পিষ্টল, ২০জাই সজীৱ গুলী৷ যুৱকজনৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে নগাঁৱত ৰুজু কৰিছিল গোচৰ। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল মৃদুপৱন নেওঁগে। মহানগৰৰ ভগদত্তপুৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে চলাইছিল এই অভিযান৷ দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰে নেওঁগে৷ তেওঁলোকৰ সৈতে তোলা ফটো ছচিয়েল মিডিযাত শ্বেয়াৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলে। আৰক্ষীৰ অভিযানৰ পাছত ছ’চিয়েল মিডিয়াত নিজৰ একাউন্ট ডিএকটিভ কৰি ৰাখিছে প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ উল্লেখ্য, মৃদুপৱন নেওঁগৰ দেহৰক্ষী ৰাজেশ দীক্ষিতক আটক কৰিছে আৰক্ষীয়ে৷ মাহিলী ৩৫ হাজাৰ টকা দৰমহা দি ৰাজেশ দীক্ষিতক দেহৰক্ষী হিচাপে ৰাখিছিল প্ৰৱঞ্চক মৃদুপৱন নেওঁগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ