ডিজিটেল ডেস্কঃ সাৱধান! নতুন বছৰত অত্যাধিক মদ খোৱাৰ প্লেন নকৰিব। যদিহে কৰিছে তেন্তে বাহন লৈ ৰাস্তালৈ ওলাই যোৱাৰ দৰে মাৰাত্মক ভুল কেতিয়াও নকৰিব। কিয়নো মদ্যপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ ককালত টঙালি বান্ধিছে অসম আৰক্ষীয়ে। মদ্যপান কৰি বাহন চলোৱা চালকক ধৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু অসম আৰক্ষী আৰু পৰিবহন বিভাগ।
ইতিমধ্যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম আৰক্ষী আৰু পৰিবহন বিভাগক সকলো দিশৰ পৰা সাজু হৈ থাকিবলৈ আনুষ্ঠানিক নিৰ্দেশ প্ৰদান কৰিছে। থাৰ্টী ফাষ্ট আৰু নৱবৰ্ষৰ পহিলা দিনকেইটাত ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ বাহন। ইফালে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চেকিঙৰ বাবে ডেৰ শতাধিক ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈছে অসম আৰক্ষীৰ লগতে পৰিবহণ বিভাগ।
ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানেও এই দিশটোৰ প্ৰতি অসম আৰক্ষী যথেষ্ট কঠোৰ হব বুলি সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি, আজিৰে পৰা অসম আৰক্ষীত ১০খন নতুন ইন্টাৰচেপ্টৰ বাহন সংযোজন কৰা হৈছে। ইফালে ডেৰ শতাধিক ব্ৰেথ এনালাইজাৰৰ ভিতৰত কামৰূপ মেট্ৰৰ বাবে ১০টা ব্ৰেথ এনালাইজাৰ ৰখা হৈছে বুলি সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ