অসম লাইভ ২৪ঃ আজিৰে পৰা অনাদায় যান-বাহন কৰৰ বিৰুদ্ধে পৰিবহন বিভাগৰ বিশেষ অভিযান৷ পৰিবহন বিভাগক যাৱতীয় কৰ আদায় নিদিয়াকৈ অবৈধভাৱে ৰাজপথত চলা সকলো বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আৰম্ভ কৰিছে এই অভিযান৷ শীঘ্ৰে নথি পত্ৰৰ পৰীক্ষণ তথা নবীকৰণৰ আহ্বান জনাইছে যান-বাহনৰগৰাকীক৷ সংবাদ মাধ্যমৰ জৰিয়তে বহুবাৰ আৱেদন জনোৱা স্বত্বেও বহু যান বাহনৰ গৰাকীয়ে আদায় দিয়া নাই ৰাজহ৷ কোভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত ৰাজহ আদায়ৰ বাবে ৭ বাৰকৈ সময়সীমা বান্ধি দিছিল কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে৷ বকেয়াসহ অনাদায় কৰ আদায় দিবৰ বাবে শেষবাৰৰ বাবে ৩০ নৱেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে৷ তাৰ পাছতো কোনো কানসাৰ নিদিয়াত বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে কৰ আদায়ৰ দিন৷ অন্যথা যান-বাহনৰ গৰাকীয়ে অতিৰিক্ত জৰিমনা ভৰিব লাগিব বুলিও উল্লেখ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই৷ ইফালে, আজিৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হৈছে পৰিবহন আইনৰ নতুন নিয়ম। হেলমেট পৰিধান কৰি বাইক চলোৱাৰ লগতে আজিৰেপৰা বাইক আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ