অসম লাইভ ২৪ঃ কোভিডৰ নতুন ভেৰিয়েণ্ট ‘অমিক্ৰণ’ লৈ আশংকাই দেখা দিছে সমগ্ৰ বিশ্বত৷ ভাৰতেও আৰম্ভ কৰিছে প্ৰয়োজনীয়া কাৰ্যব্যৱস্থা৷ সমগ্ৰ বিশ্বত অমিক্ৰণৰ ধাৰাবাহিক সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ১৫ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিচে৷ ডিৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনে বুধবাৰে এই তথ্য সদৰী কৰিছে বুধবাৰে৷ ডিজিচিৰ নিৰ্দেশনা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানসেৱা পুনৰ আৰম্ভ কৰাক লৈ পুনৰ বিবেচনা কৰিব কৰ্তৃপক্ষই৷ ইয়াৰ উপৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিমানেৰে ভাৰতলৈ অহা লোকৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ বৰ্তমানলৈকে ১৫খন দেশত সংক্ৰমিত হৈছে কোভিডৰ অমিক্ৰণ ভেৰিয়েণ্ট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ