ৰাজ্যত নেৰানেপেৰা বৰষুণ। নিশাৰে পৰা অহা মূষলধাৰ বৰষুণৰ পিছতেই প্লাৱিত গুৱাহাটীৰ বিভিন্ন অঞ্চল। ফলত মহানগৰীৰ প্ৰতিটো প্ৰান্ততে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। হাতীগাঁও, বেলতলা, খানাপাৰা, সাতগাঁৱত ভয়ংকৰ পৰিস্থিতি।
এতিয়া উজনিৰ পৰা নামনিলৈ সকলোতে বৰষুণৰ ফলত বৃদ্ধি পাইছে নদী-জলশয়ৰ জলস্তৰ। ৰাজ্যৰ প্ৰায়কেইখন জিলাতে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজান, বাদুলীপুখুৰী, মিধাখাট অঞ্চল প্লাৱিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে। উজনিৰ ভয়াৱহ বানৰ বাবে বাতিল কেইবাখনো ৰে’লৰ চলাচল। সলনি কৰা হৈছে গতিপথ।
নাজিৰা বাহগড়ত ছিগিল ৰে’ল লাইন, ইফালে নাগিনীমৰা সংযোগী পুৰণি দলং বানে নিলে উটুৱাই। ফলত হাজাৰ হাজাৰ বন্যাৰ্তৰ মাজত হাহাকাৰ শিৱসাগৰ,চৰাইদেউ,যোৰহাট জিলাতো ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি। এতিয়া ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
সতৰ্কবাণী
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বিগত ২৪ ঘন্টাত বৰষুণৰ বাবে বানৰ প্ৰকোপ বৃদ্ধি পাব পাৰে। ২২জুলাইলৈ IMDয়ে এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, বঙাইগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। আনফালে মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙ, কামৰূপ মেট্ৰ’, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰীত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















