অসমৰে এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপন হৈছে অতি ভয়ংকৰ অভিযোগ৷ স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে যৌন সম্পৰ্ক স্থাপন কৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত মহিলাগৰাকীয়ে নিজেই ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
প্ৰকাশিত খবৰ অনুসৰি এই নিলৰ্জ্জ ঘটনাটো অসমৰ ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে চিলাপথাৰৰ চিচিবৰগাঁৱৰ এগৰাকী মহিলাৰ স্বামীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে৷
মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰে চিচিবৰগাঁও অঞ্চলৰে এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে৷ যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে গোপন শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল৷
লগতে পঢ়ক আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?
যুৱকজনেৰে মহিলাগৰাকীয়ে যৌন সম্পৰ্কৰ ভিডিঅ’ মোবাইলত ৰেকৰ্ডিং কৰি নিজেই ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ স্থানীয় লোকে মোবাইলে মোবাইলে এই ভিডিঅ’ লাভ কৰাৰ পাছতে মহিলাগৰাকীক বগীনদী অঞ্চলৰ পৰা ধৰি আনি জেৰা আৰম্ভ কৰে৷ গোটেই নিশা ৰাইজে পহৰা দি ৰখাৰ পাছত মহিলাগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে চিচিবৰগাওঁ আৰক্ষীক খবৰ দিয়ে৷
আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে৷
ইফালে ৰাইজৰ ৰোষত পৰাৰ আশংকাত অভিযুক্ত জান দেউৰী নামৰ যুৱকজনে ঘৰৰ পৰা পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত চিচিবৰগাঁও আৰক্ষী চকীত এখন ৰাজহুৱা এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ