অসম লাইভ২৪ঃ অসমীয়া, আৱেগিক জাতি! জাতিক লৈ, ভাষাক লৈ অসমীয়া সদায়ে সচেতন। সমগ্ৰ দেশতে হিন্দী ভাষাৰ আগ্ৰাসনক লৈ চৰ্চা হৈ থকাৰ সময়তে অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে IGGNOU-য়ে লৈছে ঐতিহাসিক পদক্ষেপ। বিশ্বৰ বিভিন্ন প্রান্তৰ লোকে অসমীয়া বিষয়ত স্নাতক ডিগ্রী লোৱাৰ সুবিধা আগবঢ়াইছে IGGNOU-য়ে।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেশৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় IGGNOU-য়ে চলিত বৰ্ষৰ পৰা ভাৰতৰ আন কেইবাটাও ভাষাৰ লগতে স্নাতক পর্যায়ত অসমীয়া ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। IGGNOU-য়ে চলিত বৰ্ষৰ নামভর্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই বৰ্ষত ইগন’ৰ পৰা ১৬২ জন শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ক নিজৰ নিৰ্বাচিত বিষয় হিচাপে লৈ স্নাতক শ্রেণীত নামভর্তি কৰিছে।
উল্লেখ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু ভাষা অধ্যয়ন বিভাগ তথা কলকাতা বিশ্ব ভাৰতীৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিষয়টো এটা বিষয় হিচাপে অন্তৰ্ভূক্ত হৈ আছে। কিন্তু এই দুয়োখন উচ্চ শিক্ষা অনুষ্ঠানত মুখ্যত অসমীয়া গৱেষণাৰহে বিষয়। ইয়াৰ বাহিৰেও অসমৰ বাহিৰত দেশৰ কোনো বিশ্ববিদ্যালয়তে অসমীয়া বিষয়টো অধ্যয়নীয় বিষয় হিচাপে অন্তৰ্ভূক্ত কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ