২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ৷ সংখ্যাতত্ব অনুসৰি, সূৰ্যগ্ৰহণৰ দিনা ৫ মূল্যাংকৰ মানুহ সতৰ্ক হৈ থাকক৷ তেওঁলোকৰ ওপৰত সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱে দেখা দিব পাৰে৷ সূৰ্যগ্ৰহণৰ কাৰণে ২ মূল্যাংকৰ জাতকে কৰ্মজীৱনত সমস্যাই দেখা দিব পাৰে৷
সূৰ্যগ্ৰহণৰ নেতিবাচক প্রভাৱ
মূল্যাংক ২
সূৰ্যগ্ৰহণৰ দিনা ২ মূল্যাংকৰ ব্যক্তিৰ মানসিক শান্তি ভংগ হব পাৰে৷ কৰ্মজীৱনত সমস্যাৰ আশংকা আছে, ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে টেনছন তৈয়াৰ হব পাৰে৷ এই দিনটোত বছৰ সৈতে কোনো বিৰোধত সোমাই নপৰাটোৱেই শ্ৰেয়, অন্যথা আপোনাৰ বাবে অশুভ প্ৰমাণ হব পাৰে৷ কেৱল কৰ্মস্থলেই নহয়, অন্যান্য স্থানতো এই দিনটোত বিতৰ্ক এৰাই চলা ভাল হ’ব৷
মূল্যাংক ৩
সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱত ৩ মূল্যাংকৰ ব্যক্তিৰ ওপৰতো পৰিব পাৰে৷ এই দিনটোত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে৷ পুৰণি পেটৰ অসুখ কিংবা পেটৰ বিষৰ সমস্যা বাঢ়ি যাব পাৰে৷ পৰিয়ালৰ সদস্যক লৈ দুশ্চিন্তা বাঢ়িব৷ ইয়াৰোপৰি এই দিনটোত আৰ্থিক বিনিয়োগ নকৰাই উত্তম, কাৰণ অৰ্থক্ষতিৰ আশংকা আছে৷
মূল্যাংক ৬
সূৰ্যগ্ৰহণৰ দিনটো ৬ মূল্যাংকৰ ব্যক্তিৰ বাবে চিন্তা আৰু দুশ্চিন্তাৰে ভৰা হব পাৰে৷ মনত অকাৰণতে ভয় বাঢ়িব পাৰে৷ অপৰিচিত মানুহৰ সৈতে দেখা সাক্ষাৎ কৰি অস্বস্তি বোধ কৰিব পাৰে৷ তেওঁলোকৰ সৈতে বন্ধুত্ব কৰি আপোনাৰ দুশ্চিন্তা আৰু বাঢ়িব পাৰে৷ আপোনাৰ শৰীৰত শক্তিৰ ঘাটিয়ে দেখা দিব৷ ক্লান্তি অনুভৱ কৰিব আৰু ঘৰত বিশ্ৰাম কৰি স্বস্তি পাব৷
মূল্যাংক ৮
সূৰ্যগ্ৰহণৰ দিনা ৮ মূল্যাংকৰ ব্যক্তিৰ মন বেয়া থাকিব৷ কিছু বিষয় আপুনি ইচ্ছা কৰাধৰণে নোহোৱাৰ বাবে আপুনি অসুখী অনুভৱ কৰিব পাৰে৷ অপ্ৰয়োজনীয় খৰচ বাঢ়ি যাব পাৰে৷ ফলত সঞ্চয় ক্ষতিগ্ৰস্থ হব পাৰে৷ শৰীৰত শক্তিৰ ঘাটি আৰু মানসিক চাপো বাঢ়িব৷ এই দিনটোত যোগ আৰু ধ্যান কৰিলে উপকাৰ পাব৷
মূল্যাংক ৯
সূৰ্যগ্ৰহণৰ সময়ত ৯ মূল্যাংকৰ মানুহৰ মনত কোনো বিষয়ক লৈ দুখ আহিব পাৰে৷ মনত অপৰাধবোধে কাম কৰিব পাৰে কিংবা কোনো ভুলৰ বাবে অনুতাপ আহিব পাৰে৷ এইদিনটো ডাঙৰ কোনো সিদ্ধান্ত লোৱা উচিত নহয় আৰু কাৰো সৈতে বিৰোধ কৰাও উচিত নহয়৷ যদি যানবাহন চলায় তেন্তে সতৰ্ক থাকক, আঘাত লগাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















