১৪ এপ্ৰিল ২০২৬ত সূৰ্যৰ মহাগোচৰ হ’ব৷ সূৰ্যই নিজৰ উচ্চ ৰাশি মেষত প্ৰৱেশ কৰিছে৷ মিত্ৰ মঙ্গলৰ ৰাশিত বহি সূৰ্যৰ শক্তি বহু গুণ বাঢ়ি যাব৷ ইয়াৰ সৈতে এই দিনটোত নতুন সৌৰবৰ্ষৰ আৰম্ভণি হব৷ ১৪ এপ্ৰিল ২০২৬ৰ পুৱা ৯ বাজি ৩৮ মিনিটৰ পৰা ১৫ মে ২০২৬ৰ পুৱা ৬ বাজি ৬ মিনিট পৰ্যন্ত সূৰ্যই এই মেষ ৰাশিত থাকিব আৰু তাৰপিছতেই বৃৃষ ৰাশিত প্ৰৱেশ কৰিব৷ এই ১মাহত ৪ৰাশিৰ ভাগ্য চমকিব৷ জানি থওক লাকী ৰাশি কি কি?
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতিত সূৰ্য উচ্চস্থানত থাকে৷ মেষ ৰাশিৰ অধিপতি মঙ্গল, যি সূৰ্যৰ পৰম মিত্ৰ৷ সূৰ্যৰ মেষ ৰাশিলৈ অহাটোৱে উচ্চপদ দিব৷ চাকৰিয়ালে আগুৱাই যোৱাৰ সুযোগ পাব পাৰে৷ এই সময়ত বৈবাহিক জীৱনৰ সমস্যাসমূহ কমিব৷ জানিবুজি কাম কৰক৷
মিথুন ৰাশি
সূৰ্যৰ মহাগোচৰ আৰু নতুন সৌৰ বছৰৰ আৰম্ভণিয়ে মিথুন ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিব৷ চাকৰিয়ালে প্ৰমোচন পাব পাৰে৷ চৰকাৰী চাকৰি যিসকলে কৰি আছে তেওঁলোকে দ্ৰুত অগ্ৰগতি কৰিব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে৷ এই সময়ত খৰধৰকৈ বিনিয়োগ নকৰিব৷ বিচক্ষণতাৰ সৈতে বিনিয়োগ কৰক৷
সিংহ ৰাশি
সূৰ্য সিংহ ৰাশিৰ অধিপতি, আৰু এই গ্ৰহৰ গোচৰত সিংহ ৰাশিৰ জাতক জাতিকাৰ সৌভাগ্যৰ দ্বাৰ উন্মোচন কৰিব পাৰে৷ যিসকলে চৰকাৰ আৰু ৰাজনীতিৰ সৈতে জড়িত তেওঁলোকে ব্যাপকভাৱে লাভৱান হব৷ যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকে সহায় পাব৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ সহায় পাব৷ এই সময়ত অহংকাৰ আৰু খং পৰিহাৰ কৰক৷
কুম্ভ ৰাশি
সূৰ্যৰ এই গোচৰ কুম্ভ ৰাশিৰ বাবে উপকাৰী হব৷ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ত উন্নতি কৰিব৷ যাৰ ফলত আয় বৃদ্ধি পাব৷ কৰ্মৰতসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আপুনি কোনো ধৰ্মীয় তীৰ্থযাত্ৰালৈ যাব পাৰে৷ খং পৰিহাৰ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















