২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট
২০২৫ চনৰ ২০ ডিচেম্বৰ আজি গ্ৰহৰ ৰাজকুমাৰ বুধ গ্ৰহই জ্যেষ্ঠ নক্ষত্ৰলৈ পৰিৱৰ্তিত হয়। লগতে বৃশ্চিক ৰাশিক ট্ৰেনজিট হৈছে।
জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে বুধ গ্ৰহৰ ট্ৰেনজিটে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে। বিশেষকৈ চিন্তা, যোগাযোগ, ছাল, ব্যৱসায় আৰু ভাগ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। বুধ গ্ৰহৰ ট্ৰেনজিটৰ শুভ প্ৰভাৱৰ বাবে ২০২৬ চনৰ আৰম্ভণিৰ পূৰ্বে তিনিটা ৰাশিৰ ভাগ্য উজ্জ্বল হোৱা সম্ভাৱনা।
মিথুন ৰাশি
বুধ গ্ৰহৰ ট্ৰেনজিটৰ ইতিবাচক প্ৰভাৱে মিথুন ৰাশিৰ লোকসকলক কেৰিয়াৰ সম্পৰ্কীয় বহু সমস্যাৰ পৰা মুক্ত কৰিব। অনাগত দিনত নিজৰ কামত মনোনিৱেশ কৰি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাত সফল হ’ব। ইয়াৰ উপৰিও এই সময়ছোৱাত বন্ধুৰ সহায়ত নতুন উৎসৰ পৰাও আৰ্থিক সাহায্য লাভ কৰিব পাৰে।
ধনু ৰাশি
২০২৫ চনৰ শেষৰ কেইটা ধনু ৰাশিৰ বাবে অনুকূল হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে এই সময় অনুকূল। তদুপৰি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। ২০২৬ চনলৈকে আৰ্থিক অৱস্থাৰ বিশেষ অৱনতি নহ’ব।
মীন ৰাশি
মিথুন ৰাশি আৰু ধনু ৰাশিৰ উপৰিও বুধৰ ট্ৰেনজিটে মীন ৰাশিৰ বাবেও সুখ কঢ়িয়াই আনিব। ছালৰ লগত জড়িত যিকোনো সমস্যাৰ পৰা সমাধান পাব। স্বাস্থ্যৰ উন্নতি হ’ব। বছৰ বছৰ ধৰি চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি অহাসকলে হয়তো নতুন বন্ধুৰ সহায়ত নতুন কামৰ সন্ধান পাব। ব্যৱসায়ীসকলে ভাল অৰ্ডাৰ লাভ কৰিব, যাৰ ফলত ভাল লাভ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















